ETV Bharat / state

Corruption in PMAY scheme: নলবাৰীত PMAY আঁচনিত ব্য়াপক দুৰ্নীতি

author img

By

Published : Mar 10, 2023, 8:03 PM IST

নলবাৰীৰ বামুণবড়ীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতি(PMAY scam at Nalbari) । শতাধিক হিতাধিকাৰীয়ে PMAY আঁচনিৰ বাবদ পাব লগা লাখ লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰিলে মধ্যভোগীয়ে । সকলো জানি-শুনিও নিৰৱ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জিলা প্ৰশাসন ।

Corruption in PMAY scheme
নলবাৰীত PMAY আঁচনিত ব্য়াপক দুৰ্নীতি

নলবাৰীত PMAY আঁচনিত ব্য়াপক দুৰ্নীতি

নলবাৰী,১০ মাৰ্চ: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । ইখনৰ পাছত সিখনকৈ পঞ্চায়ত দুৰ্নীতিত পোত যোৱাৰ অভিযোগ উত্থাপন হৈছে । জনপ্ৰতিনিধি, ঠিকাদাৰে দৰিদ্ৰ হিতাধিকাৰীক লুটি-পুটি খোৱাৰ বাবে পাতিছে বৃহৎ জাল । এইবাৰ নলবাৰীত পোহৰলৈ আহিছে তেনে এক ঘটনা । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত ইখনৰ পিছত সিখনকৈ পঞ্চায়তত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে (Allegations of corruption in allocation of PMAY houses) ।

বৰক্ষেত্ৰীৰ প্ৰতিটো প্ৰান্ততে এতিয়া চৰকাৰী আঁচনিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে । জিলাখনৰ মুগদী ৰামপুৰ পঞ্চায়তত সংঘটিত হৈছে এইবাৰ আন এক কেলেংকাৰীৰ ঘটনা । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন জালিয়াতিৰে আত্মসাৎ কৰি দুৰ্নীতিৰ ঘাটিলৈ পৰিণত হৈছে এইখন পঞ্চায়তো । উক্ত পঞ্চায়তখনৰ অন্তৰ্গত বামুণবড়ীত PMAY আঁচনিত শ্ৰমিকৰ বাবদ হিতাধিকাৰীয়ে পাব লগা লাখ লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰিছে মধ্যভোগীয়ে(PMAY scam at Nalbari) ।

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ৫৬ নং মুগদি ৰামপুৰ গাঁও পঞ্চায়তত সংঘটিত হৈছে এই কেলেংকাৰীৰ ঘটনা(Pradhan Mantri Awas Yojana Scam) । পঞ্চায়তখনৰ শতাধিক PMAY ৰ হিতাধিকাৰীয়ে শ্ৰমিকৰ বাবদ পাব লগা ধন জালিয়াতিৰে মধ্যভোগীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰতিগৰাকী হিতাধিকাৰীকে শ্ৰমিকৰ বাবদ ২১,৭৫৫ টকা প্ৰদান কৰে ।

কিন্তু অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰীসকলৰ অজ্ঞাতে পঞ্চায়ত প্ৰতিনিধি তথা মধ্যভোগীয়ে অন্য লোকৰ জবকাৰ্ড ব্যৱহাৰ কৰি হিতাধিকাৰীয়ে পাব লগা এই ধন আত্মসাৎ কৰিছে । উল্লেখযোগ্য যে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ পঞ্চায়তত বিভাগৰ একাংশ কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে একাংশ মধ্যভোগীৰ সৈতে মিলি PMAY ৰ হিতাধিকাৰীসকলে পাব লগা লাখ লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ।

কিন্তু বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াই এই সকলোবোৰ দুৰ্নীতিৰ কথা জানি-শুনিও নিৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । এইসকল দৰিদ্ৰ লোকৰ ধন আত্মসাৎ কৰা পঞ্চায়ত প্ৰতিনিধি, বিষয়া কৰ্মচাৰী আৰু মধ্যভোগীসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত ল'ব সেয়া হ'ব লক্ষ্যনীয় ।

লগতে পঢ়ক: JMCH incident : সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.