ETV Bharat / state

JMCH incident : সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে

author img

By

Published : Mar 10, 2023, 1:59 PM IST

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজৱ ঘটনা (Shocking incident at JMCH)। ৰোগীৰ সোঁ ভৰিত বিসংগতি আছিল কিন্তু বাঁও ভৰিৰ হে অস্ত্ৰোপচাৰ কৰিলে অস্থিৰোগ বিভাগৰ চিকিৎসক । হাস্পতাল কৰ্তৃপক্ষই ঘটনাৰ তদন্ত ঘোষণা কৰিছে ।

Shocking incident at JMCH
সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে

সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে

যোৰহাট,১০ মাৰ্চ : পুনৰ বিতৰ্কত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল (JMCH in controversy)। এইবাৰ হাস্পতালখনৰ অস্থিৰোগ বিভাগ বিতৰ্কৰ মাজত সোমাইছে । এটা কিশোৰৰ সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ লগে লগে তীব্ৰ উত্তেজনা হাস্পতালখনত । বিভাগীয় তদন্তৰ ঘোষণা কৰিছে হাস্পতালৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই ।

উল্লেখ্য যে দেৰগাঁৱৰ মিছামাৰী অঞ্চলৰ কল্পজ্যোতি নেওগ নামৰ শিশুটোৰ সোঁ ভৰিত কিছু বিসংগতি থকাত চিকিৎসকৰ পৰামৰ্শ মতে পৰিয়ালৰ লোকে অস্ত্ৰোপচাৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল । বৃহস্পতিবাৰে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । কিন্তু বিসংগতি থকা সোঁ ভৰিৰ পৰিৱৰ্তে বাঁও ভৰিৰ হে অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে (JMCH doctor negligence)।

অস্ত্ৰোপচাৰ সমাপ্ত হোৱাৰ পাছতে অস্ত্ৰোপচাৰ কক্ষৰ পৰা কিশোৰজনক উলিয়াই অনা হয় । তাৰ পাছতে পৰিয়ালৰ লোকে বাঁও ভৰিত অস্ত্ৰোপচাৰ কৰা দেখি আচৰিত হৈ পৰে । লগে লগে পৰিয়ালৰ লোকসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে (Tense situation in JMCH)। এই বিষয়ে চিকিৎসকক অৱগত কৰাত পুনৰ কিশোৰজনৰ অস্ত্ৰোপচাৰ কক্ষলৈ লৈ গৈ সোঁ ভৰিৰো অস্ত্ৰোপচাৰ কৰে । অৱশ্যে পৰিয়ালৰ লোকক তেওঁৰ দুয়োখন ভৰিয়েই অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা বুলি উল্লেখ কৰে চিকিৎসকে ।

কিন্তু অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসকে কিশোৰজনৰ পৰিয়ালক এই বিষয়ে অৱগত নকৰাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয় । আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ আজৱ কাণ্ডই আচৰিত কৰি তুলিছে সচেতন ৰাইজক । আচৰিত কথাটো হ'ল যে যদি দুয়োখন ভৰিৰে অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছিল, তেন্তে এখন ভৰি অস্ত্ৰোপচাৰ কৰি কিয় শিশুটোক অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই অনা হৈছিল ? অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসকে এই বিষয়ে কিয় পৰিয়ালৰ লোকক অৱগত নকৰিলে ?

ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই এনে অস্ত্ৰোপচাৰ কেতিয়াবা কৰিব লগা হ'ব পাৰে বুলি উল্লেখ কৰে । কিন্তু এই সন্দৰ্ভত পৰিয়ালৰ লোকক কিয় আগতীয়াকৈ জনোৱা নহ'ল সেই বিষয়ে তেঁও অৱগত নহয় আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত সমিতি গঠন কৰাৰ কথাও ঘোষণা কৰে অধীক্ষকগৰাকীয়ে ।

হাস্পতালখনৰ এই ঘটনা পোহৰলৈ অহাৰ পাছতে বিভিন্ন দল-সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ঘটনাটোৰ তদন্ত কৰি কিশোৰজনক ন্যায় প্ৰদান কৰাৰ লগতে এই ঘটনাত জড়িত চিকিৎসকক শাস্তি প্ৰদানৰো দাবী জনাই বীৰ লাচিত সেনাকে ধৰি আন আন সংগঠনে ।

লগতে পঢ়ক :Budget Session 2023 : কুকুৰৰ মাংস প্ৰসংগক লৈ উত্তাল অসম বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.