ETV Bharat / state

Youth Congress Protest : নিযুক্তি কেলেংকাৰীৰ অভিযোগত নগাঁৱত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:17 PM IST

নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীত নগাঁৱত যুৱ কংগ্ৰেছে উত্তাল প্ৰতিবাদ ৷ নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত নিমাতি কইনাৰ ভাও লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷

Youth Congress Protest in Nagaon
যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁৱত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

নগাঁও, 31 আগষ্ট : চৰকাৰী নিযুক্তিৰ নামত ধনৰ ব্যাপক লেনদেনৰ অভিযোগ যুৱ কংগ্ৰেছৰ ৷ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীত নগাঁৱত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ আৰক্ষীৰ সন্মুখতে যুৱ কংগ্ৰেছে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা ৷ নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত নিমাতি কইনাৰ ভাও লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতে চৰকাৰী নিযুক্তিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াকে লৈ এতিয়া ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া. লগতে প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন দল-সমগঠন ৷ চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগত বৃহস্পতিবাৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ৷ বৃহস্পতিবাৰে বিয়লি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা যুৱ কংগ্ৰেছে ৷

চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে পৰিৱেশ ৷ নিযুক্তি কেলেংকাৰীৰ অভিযোগক লৈ বিগত কিছুদিন ধৰি চর্চা অব্যাহত থকাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত নিমাতি কইনাৰ ভাও লোৱাৰো অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ৷ চৰকাৰী চাকৰিৰ নিযুক্তিত বিজেপিৰ বহু পালিনেতাৰ পৰা শীৰ্ষ পৰ্যায়ৰ নেতা জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছে ৷

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰে যদিও আৰক্ষীৰ সন্মুখতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰী যুৱ কংগ্ৰেছীয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ নিযুক্তিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় যুৱ কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ৷ গ্ৰেপ্তাৰ হোৱা দ্বীবন ডেকাৰ প্ৰসংগও উল্লেখ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে যুৱ কংগ্ৰেছ ৷

লগতে পঢ়ক : Sonitpur District Youth Congress Protest: তেজপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.