Sonitpur District Youth Congress Protest: তেজপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱ কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 5:35 PM IST

thumbnail

তেজপুৰ, ৩১ আগষ্ট : বিজেপি চৰকাৰে চাকৰিৰ ক’লা বজাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে তেজপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা যুৱ কংগ্ৰেছে ৷ দ্বীবন ডেকাক গ্ৰেপ্তাৰৰ পিচতে পোহৰলৈ অহা চাকৰিৰ বজাৰ সম্পৰ্কত কিয় মুখ্যমন্ত্ৰী নিমাত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰি যুৱ কংগ্ৰেছৰ দলটোৱে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে । তেওঁলোকে বিজেপি চৰকাৰৰ শূণ্য সহনশীলতা নীতি ক'ত গ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

তেজপুৰত যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তামোল এখন নোখোৱাকৈ স্বচ্ছ আৰু নিকাভাৱে চাকৰি নিযুক্তিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত বাজপেয়ী ভৱনৰ পৰাই চাকৰিৰ ক'লা বেহা চলা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক মৌনতা ভংগ কৰাৰ দাবী জনায় ৷ উল্লেখ্য যে, বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাচতে বহু বিজেপি নেতা-পালিনেতাই চাকৰিৰ নামত ধন সংগ্ৰহৰ তথ্য পোহৰলৈ আহিছে । ইয়াৰ পাচতেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দল কংগ্ৰেছ ৷

লগতে পঢ়ক: Nalbari Youth Congress Protest: চৰকাৰে চাকৰিৰ ক’লা বজাৰ চলোৱাৰ অভিযোগত নলবাৰী যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.