ETV Bharat / state

জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

author img

By

Published : Jun 5, 2020, 5:13 PM IST

two cops accused for the death of fani borah presented before the court today
শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱা হ’ল অভিযুক্ত দুই আৰক্ষীক

বৃহস্পতিবাৰে নিশা মৃত্যুক সাবটিলে জাজৰিত আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰাই ৷ শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱা হ’ল অভিযুক্ত দুই আৰক্ষীক ৷

নগাঁও , 5 জুনঃ নগাঁৱৰ জাজৰিত কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক মৰিয়াই হত্যা কৰা দুই আৰক্ষী জোৱানক শুকুৰবাৰে হাজিৰ কৰোৱা হয় নগাঁও আদালতত ৷ অভিযুক্ত আৰক্ষী পৰেশ শৰ্মা আৰু আতাউৰ ৰহমানক আৰক্ষীয়ে চাৰিদিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আৰক্ষীয়ে তিনি দিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰে দুয়োকে ৷

শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰোৱা হ’ল অভিযুক্ত দুই আৰক্ষীক

উল্লেখ্যযোগ্য যে,মঙলবাৰে নিশা কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণী বৰাক সামান্য বাক-বিতণ্ডাৰ বাবেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল দুয়োগৰাকী আৰক্ষী বিষয়াই ৷ চিকিৎসালয়ত মৃত্যুৰে যুঁজি বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হৈছিল ফণী বৰাৰ ৷

লগতে পঢ়কঃ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেণ্টাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.