ETV Bharat / state

বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেণ্টাইন

author img

By

Published : Jun 5, 2020, 1:26 PM IST

বৃহস্পতিবাৰে কলিকতাৰ পৰা বিমানযোগে অহা হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক জোৰাপুখুৰীস্থিত তেওঁলোকৰ বাসগৃহত হোম কোৱাৰেণ্টাইন কৰোৱা হয় ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক শিলাদিত্য দেৱে ৷

wife and son of mla siladitya dev into home quarantine
wife and son of mla siladitya dev into home quarantine

হোজাই, 5 জুনঃ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক তেওঁলোকৰ জোৰাপুখুৰীস্থিত বাসগৃহত হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ বৃহস্পতিবাৰে দুয়োগৰাকীয়ে বিমানযোগে কলিকতাৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল ৷ সেইদিনাই নিশাই দুয়োগৰাকী আহিছিল হোজাইলৈ ৷ বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেণ্টাইন কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক গৰাকীয়ে ৷ তেওঁ কয় যে, তেওঁৰ পত্নী আৰু পুত্ৰ 18 মাৰ্চত গৈছিল কলিকতালৈ ৷ তেওঁ ইচ্ছা কৰিলে তেওঁলোকক আনিব পাৰিলেহেঁতেন যদিও নানিলে ৷ কিয়নো যিটো নিয়ম সকলোৰে বাবে জাৰি কৰা হৈছে সেই একেখিনি নিয়ম তেওঁৰ পত্নী আৰু পুত্ৰইয়ো পালন কৰিব লাগে ৷ অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যেনেদৰে কৰ'ণাৰ বিৰুদ্ধে যুঁজি আছে, তাতে তেওঁৰ অৰিহণাও থাকিব লাগিব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

বিধায়ক শিলাদিত্য দেৱৰ পত্নী আৰু পুত্ৰক হোম কোৱাৰেণ্টাইন

প্ৰায় আঢ়ৈ মাহৰ পিচত তেওঁলোক হোজাইৰ গৃহত আহি উপস্থিত হয় ৷ তেওঁলোকৰ লগতে তেওঁলোকক বিমান বন্দৰৰ পৰা আনিবলৈ যোৱা চালক গৰাকীকো ৰখা হৈছে হোম কোৱাৰেণ্টাইনত ৷ ইতিমধ্যেই তেওঁলোকৰ COVID-19 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সকলো নমুনা সংগ্ৰহ কৰা হৈছে ৷

লগতে পঢ়কঃ কৰ'ণা বিৰোধী যুঁজ : ধেমাজি জিলাৰ পৰিস্থিত পৰ্যবেক্ষণ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.