ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Apr 30, 2022, 1:07 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী

ডিগবৈৰ ভীমপথাৰত সন্দেহজনক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (Suspected explosive material recovered at Bhimpathar)। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । বৰ্তমানো আৰক্ষীয়ে বোমা নে আন কিবা সামগ্ৰী সেই সন্দৰ্ভত স্পষ্ট কৰিব পৰা নাই ।

ধুবুৰী আৰক্ষীৰ জালত সন্দেহজনক তিনি কেএলঅ’ৰ সদস্য

শুকুৰবাৰে নিশা ধুবুৰীৰ বিভিন্ন প্ৰান্তত চলিল আৰক্ষীৰ অভিযান । অভিযানত পিষ্টল, গুলিসহ জব্দ কৰে KLO সংগঠনৰ 6 খনকৈ ধন দাবী পত্ৰ ৷ ধুবুৰী আৰক্ষীয়ে আটক 3 জন যুৱক (Dhubri police detained three suspected KLO members) ।

গুলীচালনাত আহত ড্ৰাগছ ব্যৱসায়ী মোহনলাল: প্ৰমাণ বিনষ্টৰ চেষ্টাৰে ট্ৰাকত অগ্নিসংযোগ

কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা(Encounter at Kokrajhar) ৷ আৰক্ষীৰ গুলীত আহত হৈছে মোহনলাল নামৰ এটা ড্ৰাগছ ব্যৱসায়ী(Drugs smuggler injured at police encounter) ৷ ৰাজস্থান অভিমুখী এখন ট্ৰাকৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰৰ পিছতে আৰক্ষীৰ চকুত ধূলি মাৰি ট্ৰাকত অগ্নিসংযোগ দুৰ্বৃত্তৰ ৷

গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তাৰ বিৰুদ্ধে ছাত্ৰৰ এজাহাৰ

ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হ’ল গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তা ৷ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ (FIR against GCC teacher)৷ ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ সন্দৰ্ভত অভিযুক্ত প্ৰৱক্তাগৰাকীয়ে অস্বীকাৰ নকৰিলেও ছাত্ৰজনে অভিযোগ কৰাৰ দৰে প্ৰহাৰ কৰা নাছিল বুলি মন্তব্য কৰে ৷

ভোগদৈ নদীত উদ্ধাৰ শতাধিক সজীৱ গুলী

যোৰহাটৰ ভোগদৈ নৈত উদ্ধাৰ কেইবাজাঁই সজীৱ গুলী(Live Bullets recovered from Bhogdoi river) ৷ যোৰহাটৰ ৰাজতিয়াৰ সমীপৰ ভোগদৈ নদীত সজীৱ গুলী উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নৈত গা ধুবলৈ যোৱা স্থানীয় লোকে গুলীখিনিৰ সম্ভেদ লাভ কৰি নদীৰ পানীত বুৰ মাৰি উদ্ধাৰ কৰে কেইবাশতাধিক গুলী ৷

New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

পুনৰ আলফা স্বাধীনে ৰাজহুৱা কৰিছে এটা ভিডিঅ' । বুধবাৰে আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰা সঞ্জীৱ শৰ্মা সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰাৰ পাছত আলফা স্বাধীনে শুকুৰবাৰে আন এটা ভিডিঅ' ৰাজহুৱা কৰিছে (Video of Spy Sanjiv Sarma) । আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ধৰা পৰা অসম আৰক্ষীৰ চোৰাংচোৱা সঞ্জীৱ শৰ্মাৰ দ্বিতীয়টো ভিডিঅ'ত কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰা হৈছে ।

Firing in Goalpara: গোৱালপাৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত আৰক্ষী বিষয়া

এইবাৰ ড্ৰাগছ সৰবৰৰাহকাৰীৰ গুলীত আহত হ’ল আৰক্ষী বিষয়া ৷ গোৱালপাৰাত সংঘটিত হয় এই ঘটনা ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে গুলীবিদ্ধ কৰে উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাক (Police officer injured in Goalpara)৷

Solar eclipse of 2022 : আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

২০২২ বৰ্ষৰ আজি প্ৰথমটো সূৰ্যগ্ৰহণ (First solar eclipse of 2022) । সৌৰজগতৰ এই বিৰল মুহূৰ্ত চাবলৈ এতিয়া বিশ্ববাসী অতি আগ্ৰহেৰে ৰৈ আছে ।

বৃটেইনত উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ শিক্ষাৰ্থী

শিক্ষাৰ্থীৰ দলটোৱে ইউৰোপীয় দেশসমূহৰ কৃষি আৰু অনুসংগিক ক্ষেত্ৰত ঔদ্যোগিক সামৰ্থ বৃদ্ধিৰ দিশত গ্ৰহণ কৰিব বিশেষ প্ৰশিক্ষণ । তেওঁলোকে চেন্ট্ৰেল লংকাশ্বায়াৰ বিশ্ববিদ্যালয় প্ৰিষ্টন(University of Central Lancashire in UK)ত এই উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিব । তিনি মাহজোৰা প্ৰশিক্ষণ কালত শিক্ষাৰ্থীসকলে সেই দেশৰ কৃষি অৰ্থনীতি তথা সামগ্ৰিক ব্যৱস্থাপনাৰ ওপৰত বিশেষভাবে শিক্ষা গ্ৰহণ কৰিব ।

তৃণমূল কংগ্ৰেছৰ দায়িত্ব ভগালে ৰিপুণ বৰাই

বুধবাৰে গুৱাহাটীত ভালেসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰিপুণ বৰাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । বুধবাৰে দলটোত যোগদান কৰা সেইসকল নেতা-কৰ্মীৰ মাজৰ পৰাই আজি সভাপতি ৰিপুণ বৰাই দলটোৰ মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি প্ৰদান কৰে (Ripun Bora appointed media panelists for TMC Assam)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.