ETV Bharat / state

তৃণমূল কংগ্ৰেছৰ দায়িত্ব ভগালে ৰিপুণ বৰাই

author img

By

Published : Apr 29, 2022, 7:42 PM IST

বুধবাৰে গুৱাহাটীত ভালেসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰিপুণ বৰাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । বুধবাৰে দলটোত যোগদান কৰা সেইসকল নেতা-কৰ্মীৰ মাজৰ পৰাই আজি সভাপতি ৰিপুণ বৰাই দলটোৰ মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি প্ৰদান কৰে (Ripun Bora appointed media panelists for TMC Assam)৷

Assam TMC president Ripun Bora formally handed over responsibilities to party leaders
Assam TMC president Ripun Bora formally handed over responsibilities to party leaders

গুৱাহাটী, ২৯ এপ্ৰিল : অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত ৰিপুণ বৰাই (Assam TMC president Ripun Bora) শুকুৰবাৰে প্ৰথমবাৰৰ বাবে দলটোৰ একাংশ নেতাক কেতবোৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰে । উল্লেখযোগ্য যে, বুধবাৰে গুৱাহাটীত ভালেসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰিপুণ বৰাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । বুধবাৰে দলটোত যোগদান কৰা সেইসকল নেতা-কৰ্মীৰ মাজৰ পৰাই আজি একাংশক সভাপতি ৰিপুণ বৰাই দলটোৰ মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি প্ৰদান কৰে (Ripun Bora appointed media panelists for TMC Assam) ।

Assam TMC president Ripun Bora formally handed over responsibilities to party leaders
তৃণমূলৰ দায়িত্ব ভগালে ৰিপুণ বৰাই

আজি নতুনকৈ দায়িত্ব প্ৰদান কৰা তৃণমূল কংগ্ৰেছৰ এই সকল ৰাজ্যিক মিডিয়া পেনেলিষ্ট হ'ল ক্ৰমে বনদীপ দত্ত, বাবুল সোণোৱাল, অৰূপজ্যোতি ভূঞা, বসন্ত শৰ্মা, জ্যোতিৰিন্দ্ৰ দে' আৰু ৰাহুল আলম । আনহাতে, সভাপতি বৰাই প্ৰকাশ কৰা মতে মে' মাহৰ ভিতৰতে দলটোৰ পূৰ্ণাংগ ৰাজ্যিক সমিতিখন গঠন কৰাৰ উপৰি জিলা সমিতি সমূহো গঠন কৰা হব ।

মনকৰিবলগীয়া যে তৃণমূল কংগ্ৰেছৰ দুই সাংসদ মহুৱা মিত্ৰ (Trinamool Congress MP Mahua Mitra) আৰু সুস্মিতা দেৱৰ উপস্থিতিত বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা প্ৰথমখন যোগদান সভাত ভালে সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে দলটোত যোগদান কৰিছিল । মে' মাহৰ ভিতৰত আৰু অধিক সংখ্যক কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Jignesh Mevani updates: বৰপেটাৰ গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.