ETV Bharat / state

গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তাৰ বিৰুদ্ধে ছাত্ৰৰ এজাহাৰ

author img

By

Published : Apr 29, 2022, 10:31 PM IST

ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হ’ল গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তা ৷ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ (FIR against GCC teacher)৷ ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ সন্দৰ্ভত অভিযুক্ত প্ৰৱক্তাগৰাকীয়ে অস্বীকাৰ নকৰিলেও ছাত্ৰজনে অভিযোগ কৰাৰ দৰে প্ৰহাৰ কৰা নাছিল বুলি মন্তব্য কৰে ৷

FIR against GCC teacher
গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰৱক্তাৰ বিৰুদ্ধে ছাত্ৰৰ এজাহাৰ

গুৱাহাটী, ২৯ এপ্ৰিল: গুৱাহাটী কমাৰ্চ কলেজৰ(Gauhati Commerce College) প্ৰৱক্তাৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ এজন ছাত্ৰ । মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত প্ৰৱক্তা হেমন্ত কুমাৰ ডেকাই প্ৰহাৰ কৰাৰ অভিযোগত দাখিল কৰিছে এজাহাৰ (FIR against GCC teacher)। উল্লেখ্য যে, প্ৰৱক্তাগৰাকীৰ প্ৰহাৰত মহাবিদ্যালয়খনৰ ষষ্ঠ চেমিষ্টাৰৰ ছাত্ৰ শুভ্ৰম ক'ৰে কাণত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । বৰ্তমান শ্ৰৱণ শক্তি হেৰুৱা বুলি এজাহাৰখনত অৱগত কৰিছে ছাত্ৰজনে ।

আনহাতে কমাৰ্চ কলেজৰ প্ৰৱক্তা হেমন্ত কুমাৰ ডেকাই সমগ্ৰ ঘটনাৰ প্ৰসংগত কয় যে ষষ্ঠ চেমিষ্টাৰৰ ক্লাছ চলি আছিল । তেনে সময়ত শ্ৰেণীকোঠাৰ শেষৰ ফালে বহি শুভমে কিছু অমনোযোগেৰে খেলি মেলিৰ সৃষ্টি কৰি আছিল । ক্লাছত এনেদৰে থাকিব নালাগে বুলি কোৱাত ছাত্ৰজনে প্ৰৱক্তাগৰাকীক উভতি ধৰা বুলি মন্তব্য কৰিছে প্ৰৱক্তা হেমন্ত কুমাৰ ডেকাই । "বেয়াকৈ উভটি ধৰাত ছাত্ৰজনক পিঠিতহে মই ঢকা মাৰিছিলোঁ কিন্তু কাণত কোনো ধৰণৰ প্ৰহাৰ কৰা নাছিলোঁ । ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবেই কষ্ট কৰো । এনেধৰণৰ সৰু কথাত আৰক্ষী কাষ চাপিলে কষ্ট পাওঁ"- প্ৰৱক্তাগৰাকীয়ে কয় ।

ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক জনোৱাৰ পাছতো প্ৰৱক্তা ডেকাৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনে । আঘাতপ্ৰাপ্ত ছাত্ৰগৰাকীয়ে অৱগত কৰা মতে ২৭ এপ্ৰিলত সংঘটিত হৈছিল ঘটনাটো । আনহাতে কিছুদিন পূৰ্বে মহাবিদ্যালয়খনৰ হোষ্টেলৰ চুপাৰ যুগল কিশোৰ বৰ্মনৰ বিৰুদ্ধেও হোষ্টেলৰ আৱাসীয়ে এজাহাৰ দাখিল কৰিছিল । ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ প্ৰৱক্তা হোমেশ্বৰ কলিতাই কয়, মহাবিদ্যালয়ৰ দুগৰাকী প্ৰবক্তাৰ বিৰুদ্ধে গোচৰ তৰিছে ছাত্ৰই ।

ঘটনা সন্দৰ্ভত অধ্যক্ষ হোমেশ্বৰ কলিতাই লগতে কয়, ভিতৰত যিকোনো ঘটনা সংঘটিত হ’লে অধ্যক্ষক জনাব লাগে কিন্তু তাকে নকৰি তেওঁলোকে আৰক্ষী কাষ চাপিছে । আনহাতে প্ৰবক্তা প্ৰহাৰত ছাত্ৰ শ্ৰৱণ শক্তি হেৰুৱা ঘটনা দুভাগ্যজনক আখ্যা দিয়ে হোমেশ্বৰ কলিতাই । অভিযুক্ত প্ৰৱক্তা ডেকাই হয়তো জানি বুজি ভুল কৰা নাই, এয়া এক দূর্ঘটনা । থানাত গোচৰ দিয়াটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় । শিক্ষক ছাত্ৰৰ সম্পৰ্ক মধুৰ হোৱাটো বিচাৰো । এনেকুৱা কৰিলে শিক্ষকৰ মনোবল কমি যায় বুলি মন্তব্য কৰে মহাবিদ্যলয়খনৰ অধ্যক্ষই ৷

লগতে পঢ়ক: New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.