ETV Bharat / state

অহা তিনি জানুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব তিৱা ৰজা জোঙালবলহু দিৱস

author img

By

Published : Dec 10, 2021, 2:17 PM IST

অহা তিনি জানুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব তিৱা ৰজা জোঙালবলহু দিৱস
অহা তিনি জানুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব তিৱা ৰজা জোঙালবলহু দিৱস

ৰহাত অনুষ্ঠিত হ'ব তিৱা ৰজা বীৰ জোঙাল বলহু দিৱস(Jongal balhu Divas will be organize at raha) | আগন্তুক 2022 বৰ্ষৰ তিনি জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বীৰ জোঙালবলহু দিৱস(Jongal balhu Divas 2022)।

নগাঁও, 10 ডিচেম্বৰ : বাৰেৰহনীয়া সাংস্কৃতিক, সামাজিক স্বাভিমানেৰে দেশৰ উত্তৰ-পূৱত জিলিকি থকা তিৱা সকলৰ জনগোষ্ঠীয় তথা জাতি সত্বাৰ গৌৰৱ, বীৰ ৰজা জোঙাল বলহুক অসমৰ জাতীয় গৌৰবৰ মানচিত্ৰত সংৰক্ষণ কৰা লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লক্ষ্যৰে আগন্তুক 2022 বৰ্ষৰ তিনি জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বীৰ জোঙালবলহু দিৱস(Jongal balhu Divas at raha)।

তিৱা স্বায়ত্ব পৰিষদ অসমৰ মুখ্য পৃষ্ঠপোষকতাত আৰু সদৌ তিৱা ছাত্ৰ সন্থা(All Tiwa Students' union at raha), সদৌ তিৱা মহিলা সন্থা(All Tiwa womens' union at raha), তিৱা সাংস্কৃতিক সমাজৰ উদ্যোগত ৰহা জোঙালবলহু গড়ত অনুষ্ঠিত হ'ব লগা "বীৰ ৰজা জোঙালবলহু দিৱস"ৰ কাৰ্যসূচী শুকুৰবাৰে মুকলি কৰা হয় । তদুপলক্ষে উদযাপন সমিতিয়ে শুকুৰবাৰে এক সংবাদমেলযোগে আনুষ্ঠানিকভাৱে কাৰ্যসূচীৰ প্ৰচাৰ পত্ৰিকা মুকলি কৰে।

উক্ত সংবাদ মেলত উদযাপন সমিতিৰ সভাপতি প্ৰণৱজ্যোতি মছৰঙ, সাধাৰণ সম্পাদক প্ৰহ্লাদ কুমাৰ মছৰঙৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে । সংবাদ মেলত উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি আগন্তুক 2022 বৰ্ষৰ তিনি জানুৱাৰীত অনুষ্ঠিত হ'বলগা জোঙালবলহু দিৱসত তিৱা স্বায়ত্ব পৰিষদীয় এলেকাৰ তিৱালোক সকলৰ লগতে দাঁতি কাষৰীয়া মেঘালয় ৰাজ্যৰ পৰাও প্ৰতিনিধি উপস্থিত থাকিব ।

তদুপৰি অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গঠন কৰা হৈছে পাঁচখন উপসমিতি । ইয়াৰ ভিতৰত খাদ্য উপসমিতিৰ (সভাপতি দীপক তামুলীক আৰু সম্পাদক সুবৰ্ণ ডেকাৰজা), স্বেচ্ছাসেৱক উপসমিতি(সভাপতি সিদ্ধান্ত বৰদলৈ, সম্পাদক পংকজ মছৰঙ),বিত্ত উপসমিতি(প্ৰণৱজ্যোতি মছৰঙ, প্ৰহ্লাদ মছৰঙ, নুৰুদ্দিন আহমেদ, বাবলু কোঁৱৰ আৰু যোগমন ডেকাৰজা), স্মাৰক গ্ৰন্থ উপসমিতি (সভাপতি ৰিমল আমচি, সম্পাদক ৰমেশ নাথ) আৰু প্ৰদৰ্শনী উপসমিতি( সভাপতি সুভেন বৰদলৈ, সম্পাদক বকিন্দ্ৰ মছৰঙ) গঠন কৰা হৈছে ।

মুঠ 12 লাখ টকাৰ বাজেটত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী অনুসৰি তিনি জানুৱাৰীৰ পুৱা 8 বজাত মাংগলিক অনুষ্ঠান, 9 বজাত মূল দ্বাৰ উদঘাটন, 9 বাজি 30 মিনিটত উদ্যোক্তা তিৱা সংগঠন সমূহৰ পতাকা উত্তোলন । পুৱা ১০ বজাত বীৰ ৰজা জোঙাল বলহুৰ ঐতিহাসিক ফলক উন্মোচন । 10.30 বজাত প্ৰদৰ্শনী দ্বাৰ উদঘাটন, 11 বজাত প্ৰখ্যাত ভাস্কৰ্য শিল্পী বীৰেন সিংহক সম্বৰ্ধনা প্ৰদান অনুষ্ঠান । দিনৰ 12.30 বজাত অনুষ্ঠিত হ'ব মুকলি সভা । উক্ত মুকলি সভাৰ শুভ উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । দিনৰ এক বজাত স্মাৰক গ্ৰন্থ "জোঙাল বলহু" উন্মোচন । উন্মোচন কৰিব বিশিষ্ট গৱেষক পণ্ডিত মনেশ্বৰ দেউৰীয়ে ।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu at raha)। ইয়াৰ লগতে নিৰ্দিষ্ট বক্তা ৰিমল আমচি, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা(Water Resources Minister Piyush Hazarika at raha), কাৰ্বি স্বায়ত্ব পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙ, বিধায়ক ৰমাকান্ত দেউৰী(MLA Rama Kanta Dewri at raha) আদি উপস্থিত থাকিব । অন্যহাতে বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি হিচাপেও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব ।

উল্লেখ্য যে, মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ ১৭ জনকৈ তিৱা ৰজাক আদৰণি জনোৱা হ'ব বুলি উদ্যোক্তা সংবাদমেলযোগে সদৰী কৰে ।

লগতে পঢ়ক : নগাঁৱত আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.