ETV Bharat / city

নগাঁৱত আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ

author img

By

Published : Dec 7, 2021, 10:31 PM IST

Cheque distribution in nagaon
নগাঁৱত আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ

মঙলবাৰে বিয়লি নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটক ঘূৰ্ণিয়মান পুঁজি বিতৰণ কৰা হয় ।

নগাঁও, 7 ডিচেম্বৰ: ৰাজ্যৰ চহৰ অঞ্চলৰ মহিলাসকলক আত্মনির্ভৰশীল কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে ঘূৰ্ণিয়মান পুঁজিৰ চেক বিতৰণৰ পদক্ষেপ ৷ মঙলবাৰে নগাঁৱত চেক কৰে বিধায়ক ৰূপক শৰ্মাই (Cheque distribution in nagaon)। মঙলবাৰে বিয়লি নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটক ঘূৰ্ণিয়মান পুঁজি বিতৰণ কৰা হয় ।

Cheque distribution in nagaon
নগাঁৱত আত্মসহায়ক গোটৰ মাজত চেক বিতৰণ

এই অনুষ্ঠানত ৩১ টা আত্মসহায়ক গোটক ১০ হাজাৰ টকাৰ ঘূৰ্ণিয়মান ৰাজ সাহাৰ্য, আত্মসহায়ক গোটৰ আঞ্চলিক পৰ্যায়ৰ ৬ টা সংস্থাক ৫০ হাজাৰ টকাৰ সাহাৰ্য আৰু তিনি গৰাকী পদ পথৰ ব্যৱসায়ীক ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয় ।

উক্ত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা নগাঁও পৌৰ সভাৰ কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েং, পৌৰ সভাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজেশ দাস, লিড বেংকৰ মেনেজাৰ জয়দ্বীপ দাস, ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ চি টি প্ৰকল্প প্ৰবন্ধক গুণ গোবিন্দ বৰাকে ধৰি বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক : Junior Doctor Protest at AMCH : অচল বহিঃবিভাগৰ চিকিৎসা সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.