ETV Bharat / state

ঢেঁকীয়াপতীয়াৰ বিচৰণত আতংকিত বাঘমাৰীৰ ৰাইজ

author img

By

Published : Sep 10, 2021, 5:22 PM IST

tiger terror
জলাশয়ত আবদ্ধ বনৰজাৰ বাবে শংকিত ৰাইজ

পুৱাই কলিয়াবৰৰ জনাঞ্চলত বনৰজাৰ প্ৰৱেশ । খাদ্যৰ সন্ধানত অহা বনৰজাৰ ভয়ত আতংকিত স্থানীয় ৰাইজ । বনৰজাক খেদিবলৈ সাজু বন বিভাগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । কিন্তু বনৰজাৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান ।

কলিয়াবৰ,১০ ছেপ্টেম্বৰ : এটা ঢেঁকীয়াপতীয়াকলৈ আতংক নগাঁও জিলাৰ কলিয়াবৰত । ঢেঁকীয়াপতীয়াৰ ভয়ত কঁপিছে কলিয়াবৰৰ কুঠৰীৰ বাঘমাৰীৰ ৰাইজ । পুৱাই অঞ্চলটোত এটা ঢেঁকীয়াপতীয়া বাঘে প্ৰৱেশ কৰে । খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) পৰা ওলাই আহি গাঁওখনত সোমাই প্ৰকাণ্ড বাঘটো ।

জলাশয়ত আবদ্ধ বনৰজাৰ বাবে শংকিত ৰাইজ

অৱশ্যে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিয়ে বিপদত পৰিল বনৰজা । মেটেকাৰ ভৰি থকা এটা জলাশয়ত আবদ্ধ হৈ পৰে ঢেঁকীয়াপতীয়াটো । কিছু সময় জলাশয়তে থাকে যদিও পৰৱৰ্তী সময়ত অঞ্চলটোৰ সমীপৰ ঘন হাবিত আশ্ৰয় লয় বাঘটোৱে ।

ইফালে অঞ্চলটোৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । ইতিমধ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ, বন বিভাগ (Forest Department), কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন বাঘে আশ্ৰয় লোৱা স্থানত সষ্টম হৈ পৰিছে । কৰ্তৃপক্ষই বাঘটোক সুৰক্ষিতভাৱে ৰাষ্ট্ৰীয় উদ‍্যানলৈ পঠিওৱাৰ বাবে যাৱতীয় ব‍্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বন বিষয়া ৰমেশ চন্দ্ৰ গগৈয়ে ।

কৰ্তৃপক্ষৰ সূত্ৰ মতে, সচৰাচৰ বাঘে সেই অঞ্চলত প্ৰায়ে বিচৰণ কৰে । কিন্তু এইবাৰ বাঘটো উদ‍্যানৰ ভিতৰ ভাগলৈ যাব নোৱাৰাত এতিয়া এনেদৰেই সেই স্থানত আশ্ৰয় লৈ আছে ।

বাঘটোৱে যাতে কোনো লোকক আক্ৰমণ কৰিব নোৱাৰে বা বাঘটোৰ বাবে যাতে কোনো লোকৰ ক্ষতি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে । ইফালে শংকিত ৰাইজ সম্প্ৰতি উত্তেজিত হৈ পৰিছে । অতি শীঘ্ৰে বাঘটোক উদ্যানলৈ খেদি পঠিওৱাৰ বাবে বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.