ETV Bharat / state

Bura Chapori tense situation: বুঢ়াচাপৰিত উত্তপ্ত পৰিস্থিতি, ছত্ৰভংগ দিবলৈ আৰক্ষীৰ লাঠীচালনা

author img

By

Published : Mar 1, 2023, 7:53 PM IST

এতিয়াও উত্তেজনা মাৰ যোৱা নাই বুঢ়াচাপৰি অভয়াৰণ্যত ৷ বন শিবিৰ স্থাপনৰ যো জা কৰা দেখি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে উচ্ছেদিত লোকসকলে (Tense situation at Bura Chapori)৷

Bura Chapori tense situation
বুঢ়াচাপৰিত উত্তপ্ত পৰিস্থিতি

বুঢ়াচাপৰিত উত্তপ্ত পৰিস্থিতি

নগাঁও, ১ মাৰ্চ: নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী এলেকা বুঢ়াচাপৰি অভয়াৰণ্যৰ বাঘাটাপুত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Tense situation at Bura Chapori) ৷ বিদ্যালয়ৰ ঠাইত বন শিবিৰ স্থাপনক লৈ জাঙুৰ খাই উঠিছে উচ্ছেদিত লোকসকলে ৷

বুধবাৰে চৰকাৰৰ নিৰ্দেশনা অনুসৰি বন বিভাগে বাঘাটাপু অঞ্চলত বেদখলকাৰী নিৰ্মাণ কৰা এখন প্ৰাথমিক বিদ্যালয় বন্ধ কৰি সেই ভূমিতে বন শিবিৰ নিৰ্মাণৰ যোজা কৰিছিল ৷ এই কাণ্ড দেখি উচ্ছেদিত লোকসকলে বন বিভাগৰ লোকসকলক বাধা প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ সন্মুখত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

লগে লগে এই ঘটনাৰ উমান পাই আৰক্ষী, অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উচ্ছেদিত লোকসকলক খেদি পঠিয়াই (Bura Chapori Wildlife Sanctuary worst situation)৷ উচ্ছেদিত লোকসকলে প্ৰথমে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৰ পিচতে সেই ঠাইত বন শিবিৰ স্থাপন কৰিবলৈ নিদিও বুলি দাবী উত্থাপন কৰে ৷

প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে প্ৰতিবাদকাৰী উচ্ছেদিত লোকসকলক বুজাই বঢ়াই সেই ঠাই ত্যাগ কৰিবলৈ নিৰ্দেশনা দিয়ে যদিও পৰিস্থিতি ভয়ংকৰ হোৱাত প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাই অঞ্চলটোত এই পৰ্যন্ত চেপা উত্তেজনা বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত (Bura Chapori Wildlife Sanctuary) তিনিদিনীয়াকৈ উচ্ছেদ অভিযান চলাইছিল আৰক্ষী, বন বিভাগ আৰু চি আৰ পি এফ বাহিনীয়ে ৷ প্ৰথম দিনা শোণিতপুৰ জিলা প্ৰশাসন বন বিভাগৰ যৌথ অভিযানত ৬৬২ হেক্টৰ ভূমি বেদখল ভূমি উচ্ছেদ কৰা হৈছিল(Tezpur Sonitpur Burha Chapori Eviction) ৷

বুঢ়াচাপৰিত মুঠ ২৫১৩ টা ঘৰ তথা ১১,৬১০ জন লোকৰ বেদখলৰ কৱলত আছিল ১৮৯২ হেক্টৰ ভূমি । শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদিত এলেকা সম্পৰ্কে প্ৰকাশ কৰা তথ্য মতে মুঠ ২০৯৯ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে ৷ ইয়াৰে ১২৮২ হেক্টৰ বনভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী খাছ ভূমি ৷ তিনিদিনত বুঢ়াচাপৰিত মুঠত ২৫৫৩ টা গৃহ আৰু ১২৭৬৫ গৰাকী বেদখলকাৰীক উচ্ছেদ কৰা বুলি প্ৰশাসনৰ এক তথ্য প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: Assam CM on eviction drive: আজমলৰ পৰা হিম্মৎ সিংকালৈ কোনেও ৰেহাই নাপায়; মুখ্য়মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.