ETV Bharat / state

Assam CM on eviction drive: আজমলৰ পৰা হিম্মৎ সিংকালৈ কোনেও ৰেহাই নাপায়; মুখ্য়মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

author img

By

Published : Mar 1, 2023, 7:14 PM IST

Himanta Bishwa Sarma react on evection
Assam CM on eviction drive

শিলসাঁকো বিলৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া । শিলসাঁকো বিলত থকা জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ চ'ছিয়েল অৱ চেঞ্জ এণ্ড ডেভেলপমেণ্ট, হিম্মৎ সিংকা আৰু বদৰুদ্দিন আজমলৰ নিৰ্মাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ । চৰকাৰী মাটিত বহিলে নিজেই উঠি যাব লাগে । ইয়াক উচ্ছেদ কৰা বুলি কোৱা নহয় বুলি কয় মুখ্যমন্ত্ৰীয়ে (CM Himanta Bishwa Sarma react on evection) ।

শিলসাঁকো বিলৰ উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ মাৰ্চ: গুৱাহাটীৰ শিলসাঁকো বিলত থকা জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ চ'ছিয়েল অৱ চেঞ্জ এণ্ড ডেভেলপমেণ্ট, হিম্মৎ সিংকা আৰু বদৰুদ্দিন আজমলৰ নিৰ্মাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক শিলসাঁকো বিলত থকা উক্ত নিৰ্মাণসমূহ শীঘ্ৰে স্থানান্তৰিত কৰাৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে (Eviction drive in Silsako beel)।

উল্লেখ্য যে, মহানগৰীৰ শিলসাঁকো বিলত সোমবাৰৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান । বিগত দুদিন ধৰি চলা উচ্ছেদ অভিযান ন্যায়ালয়ৰ নিৰ্দেশত আজিৰে পৰা ৩ মাৰ্চলৈ সাময়িকভাৱে বন্ধ হৈছে যদিও মুখ্যমন্ত্রী নিৰৱ হৈ থকা নাই । বুধবাৰে সংবাদ মাধ্যমৰ আগত উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰথম বহাজনেই ভূমিহীন নাছিল বাবেই আনক বিক্ৰী কৰিছিল । বহুজনে বহুতকে ভূমি বিক্ৰী কৰিছে (Himanta Bishwa Sarma react on evection)।

তেওঁ লগতে কয় যে, জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ চ'ছিয়েল অৱ চেঞ্জ এণ্ড ডেভেলপমেণ্ট, লং টেনিচ ক'ৰ্ট আদি সকলো নিৰ্মাণ ইয়াৰ পৰা উঠাই দিয়াৰ বাবে কোৱা হৈছে । চৰকাৰে কাৰো প্ৰতি মৰম দেখুৱাবলৈ একো নাই । বিলত হোৱা সকলো নিৰ্মাণ উচ্ছেদ হ'বই লাগিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই (Assam CM strict against encroachment) ।

লগতে পঢ়ক: Eviction at Silsako Beel: শিলসাঁকোৰ উচ্ছেদত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী স্থগিতাদেশ

তেওঁ লগতে কয় যে, চেটেলাইট পিকচাৰ অনুসৰি ২০০৯ চনৰ পৰা ২০১৫ চনৰ ভিতৰত শিলসাঁকো বিলত বেদখল হৈছে । বিলখনত থকা বদৰুদ্দিন আজমলৰ ভূমিও খালী কৰা হ'ব বুলি সদৰী কৰি তেওঁ কয় যে, কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যালয়ো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছে । এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি মায়া-মোহ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, তেওঁৰ ঘৰ থাকিলে তেওঁৰ ঘৰো ভাঙি দিব । মায়া-মোহত থাকিলে কামেই কৰিব নোৱাৰিব বুলি তেওঁ কয় (Eviction drive in Assam)।

ড৹ শৰ্মাই লগতে কয় যে, শিলসাঁকো বিলত অবৈধভাৱে থকাসকলক উচ্ছেদ কৰা হ'ব আৰু লাগিলে সংস্থাপনো দিয়া হ'ব । গুৱাহাটীৰ আন বিলসমূহত হোৱা বেদখল সন্দৰ্ভত মন্ত্রী অশোক সিংহলক চাবলৈ দিয়া বুলি তেওঁ সদৰী কৰে । আনহাতে, উচ্ছেদৰ সংজ্ঞা দি তেওঁ কয় যে, চৰকাৰী মাটিত বহি থকাসকলক উচ্ছেদ কৰা বুলি কোৱা নহয় । চৰকাৰী মাটিত বহিলে নিজেই উঠি যাব লাগে । ইয়াক উচ্ছেদ কৰা বুলি কোৱা নহয় । নিজৰ মাটিৰ পৰা খেদি দিলেহে উচ্ছেদ কৰা বুজায় (Assam eviction news)।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, জাননী জাৰি কৰা পাচত চৰকাৰী মাটিত থাকিবলৈ দিয়াৰ বাবে ধন্যবাদ জনাই আঁতৰিহে যাব লাগে । দীপৰ বিলৰ প্ৰসংগত তেওঁ লগতে কয় যে, সকলোতে উচ্ছেদ চলিব । এই প্ৰক্ৰিয়া চলি থাকিব । ইয়াৰ আগতে কৰা হোৱা নাছিল । বৰ্তমান কোনো অসমীয়া মানুহ নাই যিয়ে চৰকাৰখনক সন্দেহ কৰে । সকলোৱে চৰকাৰখনক সহযোগিতা কৰে বুলি তেওঁ কয় ।

লগতে পঢ়ক: Silsako Eviction Drive : শিলসাঁকোত উচ্ছেদৰ আতংক, চালৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা

ইফালে জিঞ্জাৰ হোটেলখন তৰুণ গগৈৰ দিনত হোৱা বুলি প্ৰসংগক্ৰমে উল্লেখ কৰি তেওঁ কয় যে, সেই সময়ত কিয় কোনেও মাত মতা নাছিল । অৱশ্যে এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত জিঞ্জাৰ হোটেল স্থাপন হৈছিল যদিও, সেইসময়ত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এতিয়া যেন প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত সকলো দোষ জাপি দি দায়ৰ পৰা হাত সাৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.