ETV Bharat / state

Eviction at Silsako Beel: শিলসাঁকোৰ উচ্ছেদত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী স্থগিতাদেশ

author img

By

Published : Mar 1, 2023, 10:56 AM IST

শিলসাঁকো বিলত চলি থকা উচ্ছেদত হস্তক্ষেপ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে (Silsako Beel in Guwahati)। অহা ৩ মার্চ পর্যন্ত কোনো ব্যৱস্থা গ্রহণ নকৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনক নির্দেশ ন্যায়ালয়ৰ ।

Gauhati High Court adjourns eviction at  Silsako Beel
শিলসাঁকো বিলত উচ্ছেদত স্থতক্ষেপ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ১ মাৰ্চ : গুৱাহাটী মহানগৰীৰ শিলসাঁকো বিলত উচ্ছেদত হস্তক্ষেপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court adjourns eviction at Silsako Beel) । চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে শিলসাঁকো বিলত যোৱা সোমবাৰৰ পৰা আৰম্ভ কৰা উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰি মঙলবাৰে এক শুনানী গ্ৰহণ কৰে । এই শুনানীত শিলসাঁকো বিলক বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্রশাসনে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে উচ্ছেদ চলাবলগীয়া একাংশ লোকৰ ঘৰৰ উচ্ছেদত ন্যায়ালয়ে অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে (Gauhati High Court stays interim stay on Silsako Beel)। উচ্ছেদ অভিযানৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱা কমেও ১৩টা পৰিয়ালৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে এই আদেশ জাৰি কৰিছে ।

আদালতে আবেদনকাৰী পৰিয়ালকেইটাৰ বাসগৃহৰ ক্ষেত্ৰত অহা ৩ মার্চ পর্যন্ত কোনো জোৰ জবৰদস্তিমূলক ব্যৱস্থা গ্রহণ নকৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনক নির্দেশ দিছে । উল্লেখ্য যে সঞ্জয় গোস্বামী বৰুৱা আৰু অন্য তিনিজনে আৰু ৰূপজ্যোতি বৰা বুঢ়াগোহাঁইসহ ১০ জনে দাখিল কৰা দুখন লেখ আবেদনৰ ভিত্তিত ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ বিচাৰপীঠে এই নির্দেশ জাৰি কৰিছে ।

আবেদনকাৰীসকলে তেওঁলোকক প্রশাসনে আগতীয়া জাননী নিদিয়া, বিলৰ/জলাশয়ৰ ভূমি নোহোৱা সত্ত্বেও তেওঁলোকৰ ঘৰ উচ্ছেদৰ বাবে চিহ্নিত কৰা আৰু এই সময়ত তেওঁলোকৰ সন্তানৰ পৰীক্ষা চলি থকা আদিৰ যুক্তি আদালতত দাঙি ধৰিছে । ইফালে চৰকাৰী পক্ষই জাননীৰ ক্ষেত্ৰত গোচৰীয়াৰ যুক্তি অগ্রাহ্য কৰিছে আৰু ইয়াৰ সবিশেষ দাখিল কৰিবলৈ সময় বিচাৰে ।

এনে পৰিপেক্ষিতত আদালতে আহা ৩ মার্চ পর্যন্ত চৰকাৰী পক্ষক সময়সীমা দিয়ে আৰু তেতিয়ালৈকে আবেদনকাৰীসকলৰ বিৰুদ্ধে জোৰ জবৰদস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ প্ৰশাসনক নির্দেশ দিয়ে । মন কৰিবলগীয়া যে, এই উচ্ছেদক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থতে চৰকাৰে এই উচ্ছেদ অভিযান অব্যাহত ৰখা হৈছে বুলি চৰকাৰী পক্ষই যুক্তি দিছে । আনহাতে, উচ্ছেদিত লোকৰ মতে, চৰকাৰে আগতীয়াকৈ কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰা বুলি অভিযোগ কৰাৰ বিপৰীতে চৰকাৰী সূত্রে জানিব পৰা মতে উচ্ছেদ সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰা হৈছে । শিলসাঁকো বিলত থকা প্ৰায় ১৬৫০ বিঘা ভূমিৰ প্ৰায় ৪০০ বিঘা ভূমি উচ্ছেদ কৰি উক্ত ভূমিত হ্ৰদ সজাৰ লক্ষ্য হিচাপে লৈছে চৰকাৰ তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ।

লগতে পঢ়ক:Rupam Goswami controversial comment: ৰূপম গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ হুংকাৰ তৃণমূল যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.