ETV Bharat / state

Silsako Eviction Drive : শিলসাঁকোত উচ্ছেদৰ আতংক, চালৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা

author img

By

Published : Mar 1, 2023, 1:01 PM IST

Updated : Mar 1, 2023, 3:11 PM IST

শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ তৃতীয়টো দিন । উচ্ছেদস্থলীত অঘটন । উচ্ছেদৰ আতংকত ঘৰৰ চালৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা ভুক্তভোগীৰ (attempt to suicide at silsako eviction site) । আৰক্ষীৰ সহযোগত কথমপি প্ৰাণৰক্ষা ।

silsako eviction
silsako eviction

শিলসাঁকোৰ উচ্ছেদস্থলীত আত্মহত্যাৰ চেষ্টা

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ স্বাৰ্থত শিলসাঁকো বিলক বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে জিলা প্ৰশাসন তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে (GMDA eviction at silsako beel) । প্রায় ১৮০০ বিঘা মাটিকালিৰে আগুৰা বিলখনৰ ১২০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰাত শেহতীয়াকৈ বিলখন বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ তথা প্রশাসনে (Assam govt eviction at silsako beel) । ২৭ ফেব্ৰুৱাৰীৰ পৰা শিলসাঁকো বিলত চলোৱা উচ্ছেদ অভিযানত ইতিমধ্যে তিনি শতাধিক ঘৰ উচ্ছেদ কৰাত আতংকিত হৈ পৰিছে বিলৰ ভূমিত ঘৰ সাজি বাস কৰা বহু লোক (silsako beel eviction drive) ।

নিজৰ কষ্টোপার্জিত ধনেৰে সাজি তোলা ঘৰখন চকুৰ সন্মুখতে চৰকাৰী এক্সকেভেটৰেৰে ভাঙি পেলোৱা দেখি কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালসমূহ । ইয়াৰ মাজতে উচ্ছেদ অভিযানৰ দ্বিতীয়দিনা বিলখনৰ পাঁচ নং উপ-পথত এজন লোকে আতংকিত হৈ আত্মহননৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (attempt to suicide at silsako eviction site) । প্ৰশাসনৰ লোকে দুপৰীয়াৰ ভাগত সিং উপাধিৰ লোকজনৰ অসম আৰ্হিৰ ঘৰটো ভাঙিবলৈ অহাৰ সময়তে সংঘটিত হয় এই ঘটনা । প্ৰশাসনৰ লোকে এক্সকেভেটৰৰ সহায়ত নিজৰ সপোনৰ ঘৰটো ভাঙিবলৈ অহা দেখি লোকজনে নিজৰ ঘৰৰ চালত উঠি আত্মহননৰ চেষ্টা চলায় ।

স্বাভাৱিকতে লোকজনৰ এনে কাৰ্যত মুহূর্ততে হুবাদুৱা লাগে উচ্ছেদস্থলীত । চকুৰ সন্মুখত মৰমৰ ঘৰখন ধ্বংসস্তূপত পৰিণত হোৱাটো প্ৰত্যক্ষ কৰাৰ পৰিৱৰ্তে আত্মঘাতী হোৱাৰ সিদ্ধান্ত লোৱা লোকজনক পৰৱৰ্তী সময়ত সাতগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে পিচত আৰক্ষীৰ হস্তক্ষেপত অভিযানকাৰী দলে দুৰ্ভগীয়া লোকজনৰ ঘৰটো উচ্ছেদ কৰে । ইফালে জিলা প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ মাজতে শিলসাঁকোত বসবাস কৰা ১৩ টা পৰিয়াললৈ সাময়িক সকাহ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । শিলসাঁকোত বসবাস কৰা ১৩ জন বাসিন্দাই দাখিল কৰা দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি অহা ৩ মাৰ্চ পৰ্যন্ত এই পৰিয়ালকেইটাক উচ্ছেদ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা দিছে ন্যায়ালয়ে ।

উল্লেখযোগ্য যে শিলসাঁকো বিলৰ চৰকাৰী ভূমি বেদখল কৰা লোকসকলক সেই স্থান খালী কৰিবলৈ জি এম ডিয়ে পূৰ্বতেই নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু প্ৰশাসনে অভিযুক্ত বেদখলকাৰীসকলক ইয়াৰ বাবে প্ৰয়োজনীয় সময় নিদিয়াৰ অভিযোগ উঠিছে । যাৰবাবে একাংশ লোকে ঘৰ খালী কৰিবলৈকে সুবিধা নাপালে ৷ ঘৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰ স্থানান্তৰ কৰি থকাৰ সময়তে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে ৷ ফলত প্ৰশাসনৰ এই কাৰ্যক লৈ ক্ষোভ প্ৰকাশ কৰে উচ্ছেদিতসকলে (Illegal encroachment at Silsako beel) ৷

আনহাতে, খিলঞ্জীয়া লোকক উচ্ছেদ কৰি বণিক গোষ্ঠীক মাটি দিয়াৰ অভিসন্ধি ৰচা বুলিও ভুক্তভোগীসকলে অভিযোগ কৰে । তাৰ মাজতে সোমবাৰে চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই প্ৰকাশ কৰিছিল, ‘‘শিলসাঁকোৰ পাৰৰ 453 টা পৰিয়ালক উচ্ছেদ কৰা হ’ব । আগন্তুক দুই-তিনিদিনৰ ভিতৰতে উচ্ছেদ চলাই উক্ত মাটি বেদখলমুক্ত কৰা হ’ব ।’’ লগতে উচ্ছেদিতসকলে দালালৰ জৰিয়তে শিলসাঁকো বিলৰ মাটি ক্ৰয় কৰি ঘৰ সজা বুলি উঠা অভিযোগ সম্পৰ্কত উপায়ুক্তগৰাকীয়ে ইয়াৰ প্ৰমাণ পালে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে (Assam govt eviction drive) ৷

আনহাতে, GMDA-ৰ অধ্যক্ষ নাৰায়ণ ডেকাই প্ৰকাশ কৰা মতে, শিলসাঁকো বিলৰ দুয়োফালে 100 মিটাৰৰ ব্যৱধানত থকা ঘৰবোৰ উচ্ছেদ কৰা হৈছে । মহানগৰীৰ 15 লাখ জনতাৰ স্বাৰ্থত শিলসাঁকোত উচ্ছেদ প্ৰয়োজনীয় বুলিও তেওঁ মন্তব্য কৰে । উল্লেখ্য, শিলসাঁকো বিলৰ 1800 বিঘা মাটিকালিৰ ভিতৰত 1000-1200 বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰা বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :Eviction at Silsako Beel: শিলসাঁকোৰ উচ্ছেদত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী স্থগিতাদেশ

Last Updated :Mar 1, 2023, 3:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.