ETV Bharat / state

Nagaon Govt land leased controversy : খেলপথাৰ বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ শিক্ষাৰ্থীৰ

author img

By

Published : Dec 8, 2022, 1:36 PM IST

শিক্ষাৰ্থীৰ খেল-ধেমালিৰ বাবে ঠাইৰ অভাৱ । বিদ্যালয়ৰ খেলপথাৰৰ ভূমি চৰকাৰে লীজত দিছে বহিৰাগত কোম্পানীক । চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ (Students protest against NHAI)। খেলপথাৰ বিচাৰি 'মামা'ক কাতৰ আহ্বান জনালে শিক্ষাৰ্থীয়ে ।

Nagaon Govt land leased controversy
খেলপথাৰ বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ শিক্ষাৰ্থীৰ

নগাঁও,৮ ডিচেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে নগাঁৱৰ উৰিয়াগাৱঁত অব্যাহত আছে প্ৰতিবাদ (Protest against NHAI in Nagaon)। ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়ৰ খেলপথাৰ উচ্ছেদ কৰি বহিৰাগত কোম্পানীক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমি লীজত দিয়াক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । ইফালে বিদ্যালয়ৰ খেলপথাৰত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰাৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল (Students protest against NHAI)।

উল্লেখ্য যে নগাঁৱৰ উৰিয়াগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিৰ পৰা থলুৱা ক্ষুদ্ৰ ব্যৱসায়িক উচ্ছেদ কৰি বিদ্যালয়ৰ খেলপথাৰত এটা বহিৰাগত কোম্পানীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । যাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া লগতে প্ৰতিবাদ অব্যাহত আছে । অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উৰিয়াগাঁৱৰ পথৰ কাষৰ ভূমিৰ লগতে উৰিয়াগাঁও মজলীয়া বালিকা বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বহিৰাগত এটা কোম্পানীক লীজত দিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে প্ৰতিবাদ কৰাৰ উপৰিও আমৰণ অনশন কৰিছিল ।

খেলপথাৰ বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ শিক্ষাৰ্থীৰ

কিন্তু দল-সংগঠনৰ প্ৰতিবাদৰ পাছতো ব্যক্তিগত কোম্পানীটোৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাত বুধবাৰে উৰিয়াগাঁৱৰ বালিকা মজলীয়া বিদ্যালয়ৰ একাংশ কণ কণ ছাত্ৰীয়ে বিদ্যালয়খনৰ খেলপথাৰখন যাতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বহিৰাগত বণিয়াক গতাই নিদিয়ে তাৰ বাবে অনুৰোধ জনায় (Students appeal to Assam CM)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক 'মামা' সম্বোধন কৰি কাতৰ অনুৰোধ জনায় শিক্ষাৰ্থীসকলে । শিক্ষাৰ্থীসকলৰ মতে খেল-ধেমালি কৰিবলৈ বিদ্যালয়খনৰ সন্মুখত মুকলি ঠাইৰ অভাৱ । সেয়েহে বিদ্যালয়ৰ সন্মুখত থকা খেলপথাৰখনত যাতে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ নকৰি শিক্ষাৰ্থীৰ খেলৰ সুবিধা কৰি দিয়ে তাৰ বাবে মুখ্যমন্ত্ৰী লগতে চৰকাৰক আহ্বান জনায় শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

আনহাতে খেলপথাৰখনৰ সমান্তৰালকৈ উৰিয়াগাঁৱত এখন আৰক্ষী চকী স্থাপনৰো দাবী জনাই স্থানীয় লোক তথা বিদ্যালয় কৰ্তৃপক্ষই (Public demand setting up of police stations)। অঞ্চলটোৰ অপৰাধ নিৰ্মূল কৰাৰ লগতে শিক্ষাৰ্থীসকলক ঘাইপথত পাৰ হোৱাত সহায় কৰিবলৈ অঞ্চলটোত আৰক্ষী চকী স্থাপনৰ দাবী জনায় ৰাইজে ।

লগতে পঢ়ক :Dhubri govt school condition: প্ৰধান শিক্ষকৰ নেতৃত্বত চলিছে চৰম অৰাজকতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.