ETV Bharat / state

Dhubri govt school condition: প্ৰধান শিক্ষকৰ নেতৃত্বত চলিছে চৰম অৰাজকতা !

author img

By

Published : Dec 8, 2022, 12:19 PM IST

Dhubri school
প্ৰধান শিক্ষকৰ নেতৃত্বত চলিছে চৰম অৰাজকতা

ধুবুৰীৰ অহিৰউদ্দিন নামাগাঁও এল পি স্কুলত চলিছে অৰাজকতা (Anarchy prevails at Ahiruddin Namagaon LP School)। প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেইবাটাও অভিযোগ স্থানীয় ৰাইজৰ । প্ৰধান শিক্ষকক বদলি কৰি আন ঠাইলৈ প্ৰেৰণৰ দাবী ৰাইজৰ ।

ধুবুৰী,৮ ডিচেম্বৰ : চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষা বিভাগ তথা চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । শিক্ষক নিযুক্তি, বিদ্যালয় একত্ৰিকৰণৰ উপৰিও কেইবাটাও পদক্ষেপ লৈছে চৰকাৰে । কিন্তু তাৰ পাছতো একাংশ চৰকাৰী বিদ্যালয়ত অৰাজকতা চলি আছে । ক'ৰৱাত যদি প্ৰধান শিক্ষকে দুৰ্নীতি কৰিছে আন ক'ৰৱাত আকৌ বিদ্যালয় পৰিচালনা সমিতিয়ে কৰা দুৰ্নীতিৰ বাবে পৰ্যাপ্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থীসকল ।

তেনে এখন বিদ্যালয় হৈছে ধুবুৰীৰ অহিৰউদ্দিন নামাগাঁও এল পি স্কুল । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিছে স্থানীয় লোকসকলে (Allegation against principal)। প্ৰথম অভিযোগ হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি । দ্বিতীয় অভিযোগ ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই পৰ্যপ্ত ডেস্ক-বেঞ্চ । তৃতীয় অভিযোগ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ নামত প্ৰধান শিক্ষকৰ ৰহস্যজনক ভূমিকা ।

প্ৰধান শিক্ষকৰ নেতৃত্বত চলিছে চৰম অৰাজকতা

আনকি বিদ্যালয়ৰ মাটি বেদখল কৰাৰো অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে (Principal encroached schools land in Dhubri)। স্থানীয় লোকৰ অভিযোগৰ পাছতো বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে ১৯৮৫ চনতে স্থাপন হোৱা চৰকাৰী বিদ্যালয়খনত আছে ১৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ । তাৰ বিপৰীতে প্ৰধান শিক্ষকসহ ৫ গৰাকীকৈ শিক্ষক আছে বিদ্যালয়খনত । কিন্তু দীৰ্ঘদিন ধৰি বিদ্যালয়খনত প্ৰধান শিক্ষক হামিদুৰ ৰহমানে অৰাজকতা চলাই আহিছে বুলি অভিযোগ উঠিছে ।

ৰাইজৰ মতে মন গলেই বিদ্যালয়ত উপস্থিত হোৱা প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীৰ পাঠদানৰ নামত অৱহেলা কৰিছে । মাত্ৰ দুটা শ্ৰেণীকোঠাতে ১৭২ গৰাকী শিক্ষাৰ্থীক পাঠদান কৰিবলগীয়া হয় । একাংশ শিক্ষাৰ্থীক গছৰ তলতে দিয়া হয় পাঠ্যপুথিৰ জ্ঞান ।

শ্ৰেণীকোঠাৰ অভাৱৰ বাবে চৰকাৰে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰায় ১১ লাখ টকা আৱণ্টন দিছে । কিন্তু প্ৰায় ডেৰ মাহ ধৰি শ্ৰেণীকোঠা নিৰ্মাণৰ কাম অলপ আগবঢ়া নাই । অভিযোগ অনুসৰি কেইটামান গাঁত খান্দিয়েই প্ৰধান শিক্ষক হামিদুৰ ৰহমানে নিৰ্মাণ কাৰ্য বন্ধ কৰি থৈছে । প্ৰধান শিক্ষকে নিজৰ পচন্দৰ ঠিকাদাৰ-মিস্ত্ৰীৰ জৰিয়তেহে কাম কৰিব বিচাৰে (Corruption of Dhubri govt school Principal)।

আনকি প্ৰধান শিক্ষকে বিদ্যালয়ৰ দুই বিঘা মাটি বেদখল কৰি খেতি কৰি থকাৰো অভিযোগ স্থানীয় ৰাইজৰ । প্ৰধান শিক্ষক হামিদুৰ ৰহমানৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিয়ে মাত মাতিলেই হেনো বাতিল কৰা হয় সমিতি । আনকি কোনো শিক্ষকে তেওঁৰ বিৰুদ্ধে মাত মাতিলেই বদলি কৰা হয় বুলি অভিযোগ উঠিছে ।

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজে উপায়ুক্তকে ধৰি শিক্ষা বিভাগত অভিযোগ দাখিল কৰিছে যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ । অতিশীঘ্ৰে প্ৰধান শিক্ষকগৰাকীক আন ঠাইলৈ বদলি কৰিবলৈও চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Strange incident of ITI authorities: শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.