ETV Bharat / state

আমি মূৰ্খ নহয় ! জনাঞ্চলক বনাঞ্চল ঘোষণাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jun 25, 2022, 10:42 AM IST

"যদি আমি সকলোৱে মিলি চৰকাৰ বনাব পাৰো তেনেহ'লে আমি সকলোৱে মিলি চৰকাৰ ওফৰাই পেলাবও পাৰো ৷ জনবসতি থকা অঞ্চলত সংৰক্ষিত বনাঞ্চল কৰাৰ সিদ্ধান্তক আমি গৰিহনা দিছো ৷" কলিয়াবৰৰ হাতীমূৰাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ প্ৰকাশৰ পিছতে ৰাজপথলৈ ওলাই আহিছে হাতীমূৰা, জখলাবন্ধা, কেৰি-বাকৰিৰ সৰ্বসাধাৰণ ৰাইজ (Protest Against Proposed Reserve Forest at Kaliabor)৷

protest-against-proposed-reserve-forest-at-kaliabor
জনাঞ্চলক বনাঞ্চল ঘোষণাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

কলিয়াবৰ, 25 জুন: জনাঞ্চলক বনাঞ্চল ঘোষণাৰ যো-জা চলোৱাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Koliabor) স্থানীয় জনতাই ৷ কলিয়াবৰৰ হাতীমূৰাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ প্ৰকাশৰ পিছতে ৰাজপথলৈ ওলাই আহিছে হাতীমূৰা, জখলাবন্ধা, কেৰি-বাকৰিৰ সৰ্বসাধাৰণ ৰাইজ ৷

প্ৰতিবাদকাৰী
প্ৰতিবাদকাৰী

"আমি মূৰ্খ নহয় ৷ যদি আমি সকলোৱে মিলি চৰকাৰ বনাব পাৰে তেনেহ'লে আমি সকলোৱে মিলি চৰকাৰ ওফৰাই পেলাবও পাৰো ৷ জনবসতি থকা অঞ্চলত সংৰক্ষিত বনাঞ্চল কৰাৰ সিদ্ধান্তক আমি গৰিহনা দিছো ৷"

শুকুৰবাৰে কলিয়াবৰৰ জখলাবন্ধাত ৰাজহুৱা সভাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । জানিব পৰা মতে যোৱা 13 জুনত জখলাবন্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত হাতীমূৰাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰসংগত স্থানীয় প্ৰশাসনে এক ৰাজহুৱা শুনানি প্ৰদান কৰিছিল ৷ প্ৰশাসনৰ ৰাজহুৱা শুনানি শেষ নৌহওঁতেই হাতে-হাতে প্লেকাৰ্ড লৈ, শ্ল'গান দি ৰাইজে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest Against Proposed Reserve Forest at Kaliabor) ৷ ঐতিহ্যমণ্ডিত হাতীমূৰা অঞ্চলক বনাঞ্চল ঘোষণা নকৰিবলৈ দাবী জনাই স্থানীয় পাঁচ শতাধিক ৰাইজে ৷

জনাঞ্চলক বনাঞ্চল ঘোষণাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

অঞ্চলটোক বনাঞ্চল হিচাপে ঘোষণা কৰিলে যুগ-যুগ ধৰি প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সৈতে সহৱস্থান কৰা স্থানীয় খিলঞ্জীয়া ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই অনাৰ শংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে । হাতীমূৰাক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰাৰ চিন্তা পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় জনসাধাৰণে ৷

কলিয়াবৰত তীব্ৰ প্ৰতিবাদ
কলিয়াবৰত তীব্ৰ প্ৰতিবাদ

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰসন্থাৰ গাঁও জিলা সমিতি, চাহ জনজাতি ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতি, নগাঁও জিলা চাহ মজদুৰ সংঘৰ বিষয়ববীয়া উপস্থিত হৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক এই তীব্ৰ গৰিহনা দিয়ে ৷ কলিয়াবৰৰ মহকমুাধিপতিৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰও প্ৰদান কৰে সভাত উপস্থিত দল-সংগঠনসমুহে ।

ৰাইজৰ দাবী উপেক্ষা কৰি জনবসতি অঞ্চল হাতীমূৰাক যদিহে সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী দল-সংগঠনসমূহে ৷

লগতে পঢ়ক: ভেলেঙী নৈৰ গৰাখহনীয়াত তিনিদিনত জাহ গ’ল ৩৭ টা পৰিয়ালৰ মাটি-ভেঁটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.