ETV Bharat / state

ভেলেঙী নৈৰ গৰাখহনীয়াত তিনিদিনত জাহ গ’ল ৩৭ টা পৰিয়ালৰ মাটি-ভেঁটি

author img

By

Published : Jun 25, 2022, 9:24 AM IST

বদৰুদ্দিন আজমলক আদৰিবলৈ জনীয়ালৈ যাব পাৰে, কিন্তু বান আৰু গৰাখহনীয়াত আক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ আহৰি নাই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ(Baghbar MLA Sherman Ali Ahmed) । আহিম আহিম বুলি কৈ নহাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বান আৰু খহনীয়াত আক্ৰান্ত ৰাইজে ।

Bhelengi river erosion collapses 37 house at Jania
ভেলেঙী নৈৰ গৰাখহনীয়া

জনীয়া, 25 জুন : বৰপেটাত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে । কিন্তু এতিয়াও পানীত আবদ্ধ হৈ আছে হেজাৰ হেজাৰ পৰিয়াল । বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সত্ৰকনৰা ১৫ নং ছিটৰ মিলিজুলি পাৰঘাট বজাৰত গৰাখহনীয়াত গৃহহীন হৈছে প্ৰায় ৩৭ টা পৰিয়াল । ভেলেঙী নৈৰ কোৱাল সোঁত আৰু বানত বিগত তিনিদিনত নৈখনৰ গৰাখহনীয়াৰ ফলত ৩৭ টা পৰিয়ালৰ মাটি-ভেঁটি নৈৰ বুকুত জাহ গৈছে(Bhelengi river erosion at Jania) ।

ভেলেঙী নৈৰ গৰাখহনীয়া

বান আৰু গৰাখহনীয়াত সকলো হেৰুৱাই এতিয়া ভোকে-অনাহাৰে পথৰ ওপৰত আশ্ৰয় লৈছে এইসকল লোকে । অন্ন আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ভুক্তভোগী ৰাইজে । এই ক্ষেত্ৰত ভুক্তভোগী দুৰ্ভগীয়া ৰাইজে স্থানীয় প্ৰশাসন আৰু বিধায়ক শ্বেৰমান আলীক অৱগত কৰাৰ পিছতো তেওঁলোকে খবৰ ল’বলৈ অহা নাই বুলি অভিযোগ কৰিছে ৰাইজে ।

Bhelengi river erosion collapses 37 house at Jania
ভেলেঙী নৈৰ গৰাখহনীয়া

আহিম আহিম বুলিকৈ মিলিজুলি পাৰঘাটৰ খহনীয়াগ্ৰস্ত লোকৰ দুখ দুৰ্দশাৰ খবৰ ল’বলৈ সময় নোপোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে শুকুৰবাৰে সোঁচ্চাৰ হৈ পৰে বানাক্ৰান্ত ৰাইজ ৷ বিধায়কগৰাকীৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ভুক্তভোগী ৰাইজে । অতি সোনকালে বান আৰু খহনীয়াত আক্ৰান্তসকলক খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী আৰু শৌচালয়ৰ ব্যৱস্থা কৰিবলৈ দাবীও উত্থাপন কৰে তেওঁলোকে ।

লগতে পঢ়ক : Assam Floods: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুকেশ আম্বানীৰ 25 কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.