ETV Bharat / state

London Book of World Records: লণ্ডন বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ডত নগাঁৱৰ নিহাৰিকা দাস

author img

By

Published : Jul 15, 2023, 1:54 PM IST

London Book of World Records
লণ্ডন বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ড

লণ্ডন বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ডত নাম অন্তভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে । কন্যাৰ সাফল্যকলৈ গৌৰাম্বিত পিতৃ আৰু মাতৃ। ৯ ছেকেণ্ডত আধা ইঞ্চিত অংকন ৰাষ্ট্ৰীয় পতাকা ।

নগাঁও, ১৫ জুলাই : ভিন্ন আকাৰত দেশৰ ৰাষ্ট্ৰীয় পতাকা অংকণ কৰি ইতিমধ্য়ে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ইয়াৰ মাজতেই এইবাৰ অসমৰ এগৰাকী ছাত্ৰীয়ে সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে । মাত্ৰ ৯ ছেকেণ্ড সময়তে আধা ইঞ্চিত ৰঙেৰে দেশৰ ৰাষ্ট্ৰীয় পতাকা অংকণ কৰি লণ্ডন বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে । ছাত্ৰীগৰাকীৰ নাম নিহাৰিকা দাস । নগাঁও চহৰৰ তেলিয়াপত্তিৰ ৰাম কৃষ্ণ পল্লী পথৰ নিবাসী দীপক কুমাৰ দাস আৰু জবা দাসৰ জ্যেষ্ঠ কন্যা নিহাৰিকা ।

লণ্ডন বুক অৱ ৱ'ৰ্ল্ড ৰেকৰ্ড

নগাঁৱৰ মিছন স্কুলৰ ষষ্ঠ শ্ৰেণীত অধ্য়য়ণ কৰি আছে নিহাৰিকা দাসে । নিহাৰিকাই অসম্ভৱকো সম্ভৱ কৰি তুলিলে মাত্ৰ ৯ ছেকেণ্ডত। ষষ্ঠ শ্ৰেণীৰ এগৰাকীয়ে মাত্ৰ ৯ ছেকেণ্ডত আধা ইঞ্চিত ৰাষ্ট্ৰীয় পতাকা ৰঙেৰে অংকন সম্পূৰ্ণ কৰি লণ্ডন বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ

কেইদিনমান পূৰ্বে নগাঁৱতে অনুষ্ঠিত হোৱা এক চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই অসাধাৰণ চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছিল নিহাৰিকা দাসে । নিহাৰিকাই পঢ়াৰ লগতে নৃত্য আৰু গান গাই ভাল পায় বুলি উল্লেখ কৰিছে । ইপিনে, জ্যেষ্ঠ কন্যাই ইমান কম বয়সতে লণ্ডন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাত নিহাৰিকাৰ পিতৃ মাতৃয়ে গৌৰাম্বিত অনুভৱ কৰিছে ।

উলেখ্য যে, নগাঁৱৰ চিত্ৰ-ভাস্কৰ্য বিদ্যালয়ৰ আনুপূৰ্বীক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ত তৃতীয় বৰ্ষত অধ্য়য়ণ কৰি আছে । এইগৰাকী ছাত্ৰীয়ে ইতিমধ্য়ে বিভিন্ন পৰ্যায়ত কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । ষষ্ঠ শ্ৰেণীত অধ্যায়নৰত নিহাৰিকা দাসৰ সাফল্যত উৎফুল্লিত সকলোৱে কামনা কৰিছে উজ্জল ভৱিষ্যত ।

লগতে পঢ়ক:Dhemaji health camp: ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.