AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ

By

Published : Jul 14, 2023, 9:33 PM IST

thumbnail

যোৰহাট, 14 জুলাই : প্ৰতিটো অত্যাৱশ্যকীয় বস্তুৰে এতিয়া আকাশলংঘী দাম ৷ সাধাৰণ মানুহে দিনটোত এবাৰ চৰু জ্বলাবলৈয়ো চিন্তা কৰিবলগীয়া হৈছে ৷ শাক-পাচলিৰ পৰা আৰম্ভ কৰি পাকঘৰত ব্যৱহৃত প্ৰতিটো বস্তুৰে জুইচাই দাম ৷ ৰাইজে খাব কি !

বৰ্তমান সময়ত ৰাজ্যত ব্যাপক হাৰত মূল্য বৃদ্ধি ঘটিছে । ফলত এতিয়া সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা দৰে অৱস্থা হৈছে । কিন্তু পৰিতাপৰ বিষয় যে যোগান বিভাগ এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত আছে । খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত আজি পৰ্যন্ত কোনো ব্যৱস্থা যোগান বিভাগে গ্ৰহণ কৰা ৰাইজৰ চকুত পৰা নাই আৰু যিগৰাকী বিভাগীয় মন্ত্ৰী আছে তেওঁ ৰাজ্যবাসীৰ ওচৰত তুলুঙা মন্তব্য দিয়াৰ বাহিৰে অন্য একোৱে কৰা নাই ।

অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ শুকুৰবাৰে সমগ্ৰ অসমতে আছুৱে মূল্যবৃদ্ধিৰ প্ৰতিবাদত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আন আন জিলাসমূহৰ সমান্তৰালকৈ যোৰহাটতো আছুৱে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগ ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় অন্যথা পৰৱৰ্তী সময়ত ইয়াতকৈয়ো ভয়ানক আন্দোলন হ’ব বুলি সদৌ অসম ছাত্ৰ সন্থা সহকাৰী সাধাৰণ সম্পাদক জিতু নেওগে সকীয়াই দিয়ে । উল্লেখ্য যে, ৰাজ্যত অত্যাৱশ্যকীয় খাদ্যৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নত একপ্ৰকাৰ অসহায় স্বীকাৰোক্তি প্ৰদান কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়ক : D Voter Issue: ডি ভোটাৰ বিতৰ্কত যোৰহাটত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.