ETV Bharat / state

D Voter Issue: ডি ভোটাৰ বিতৰ্কত যোৰহাটত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

author img

By

Published : Jul 12, 2023, 10:49 PM IST

খিলঞ্জীয়াক ডি ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰি হাৰাশাস্তি কৰাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আমছু খিলঞ্জীয়া ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰখনক মিছলীয়া অখ্যা দিলে আমছুৰ নেতৃবৰ্গই ৷

aamsu indigenous organisation hold protest regarding d voter issue in jorhat
আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ

যোৰহাট, 12 জুলাই : ৰাজ্যৰ বিভিন্ন জিলাত ডি ভোটাৰ বিতৰ্কক লৈ এতিয়া প্ৰতিবাদ আৰম্ভ হৈছে ৷ গৰীয়া, মৰিয়া, দেশী, চৈয়দ আৰু জোলাসকলে অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি পোৱাৰ পিচতো ইয়াৰে একাংশই দীৰ্ঘদিন ধৰি সন্দেহজনক ভোটাৰ তথা ডি ভোটাৰৰ নামত বিদেশী ন্যায়াধীকৰণত যুঁজ দি থাকিবলগীয়া হৈছে । খিলঞ্জীয়া সংখ্যালঘূ সকলৰ বহু লোকে এই যুঁজত নিজৰ সা-সম্পত্তি, মাটি-ভেটি আদি হেৰুৱাব লগা হোৱাৰ লগতে দুই এজনে আত্মহত্যা দৰে পথো বাছি লৈছে ৷

এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সেয়েহে পাঁচটা খিলঞ্জীয়া জনগোষ্ঠীৰ নাম ডি ভোটাৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবীত বুধবাৰে সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা খিলঞ্জীয়া যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে আজি প্ৰতিবাদস্থলীৰ পৰা সংখ্যালঘূ খিলঞ্জীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কয় যে, "আমি খিলঞ্জীয়া হোৱাৰ পাচতো আমাৰ নামৰ আগত কিয় ডি ভোটাৰ শব্দত লগাই দিয়া হ’ল সেয়া তেওঁলোকে উত্তৰ দিয়ক, যদি শীঘ্ৰে এই পাঁচটা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ ওপৰত আৰোপ কৰা ডি ভোটাৰ শব্দটো প্ৰত্যাহাৰ নকৰে তেতিয়া হ’লে অনাগত সময়ত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ’ব, প্ৰয়োজনত দিল্লীৰ যন্তৰ মন্তৰতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব" ৷

এইদৰে হুংকাৰ প্ৰদান কৰাৰ লগতে এই সম্পকে ৰাষ্ট্ৰ সংঘলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও মন্তব্য কৰে তেওঁলোকে ৷ আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এজন মিছলীয়া মুখ্যমন্ত্ৰী আৰু চৰকাৰখনকো মিছলীয়া বুলি উল্লেখ কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : D Voter issue: পুনৰ ডি ভোটাৰ প্ৰসংগ লৈ ডিব্ৰুগড়ত সৰৱ আমছু খিলঞ্জীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.