D Voter issue: পুনৰ ডি ভোটাৰ প্ৰসংগ লৈ ডিব্ৰুগড়ত সৰৱ আমছু খিলঞ্জীয়া

By

Published : Jul 12, 2023, 10:04 PM IST

thumbnail

ডিব্ৰুগড়, 12 জুলাই : ডি ভোটাৰ প্ৰসংগত সৰৱ সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা আমছু খিলঞ্জীয়া ৷ তাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ৰ চৌকিডিঙী চাৰিআলিত সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা আমছু খিলঞ্জীয়াৰ প্ৰতিবাদী কাৰ্যসূচী । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বছৰ বছৰ ধৰি সংখ্যালঘূ খিলঞ্জীয়াক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰি থকাৰ প্ৰতিবাদত আজি ডিব্ৰুগড়ত দুঘন্টীয়া এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে আমছু খিলঞ্জীয়া ডিব্ৰুগড় জিলা সমিতিয়ে । হাতে হাতে প্লেকাৰ্ড আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰায় এশৰো অধিক আমছু খিলঞ্জীয়া সদস্যই সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ ।

যদিও বৰ্তমান বিজেপি চৰকাৰখনে পাঁচটা সংখ্যালঘূ জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰিছে তথাপিও অসমীয়া বুৰঞ্জীৰ অংশ স্বৰূপ খিলঞ্জীয়া সংখ্যালঘূ সকলৰ একাংশ‌ই দীৰ্ঘদিনৰ পৰা সন্দেহজনক ভোটাৰ ৰূপে চিহ্নিত হৈ বিদেশী ন্যায়ধীকৰণত যুঁজি থাকিব লগীয়া হৈছে । এই দীঘলীয়া যুঁজত বহু খিলঞ্জীয়া সংখ্যালঘূ লোকে আনকি নিজৰ সা-সম্পত্তি, মাটি-ভেটি আদি হেৰুওৱাৰ ওপৰিও কেবাজনো লোকে আত্মহননৰ পথো বাছি লৈছে বুলি  আমছু খিলঞ্জীয়াৰ নেতৃবৰ্গ‌ই ক্ষোভ প্ৰকাশ কৰে। লগতে বৰ্তমানেও যি সকল লোকৰ বিৰুদ্ধে ডি ভোটাৰৰ গোচৰ অব্যাহত. সেই সকলক অতি শীঘ্ৰে মুক্তি দিয়াৰ বাবে সজোৰে দাবী উত্থাপন কৰে সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক : Protest in Dibrugarh: প্ৰতিবাদত কঁপিল ডিব্ৰুগড়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.