ETV Bharat / state

অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী !

author img

By

Published : Sep 2, 2022, 9:18 PM IST

নগাঁৱত অব্যাহত আছে গৰু ছিণ্ডিকেটৰ লগতে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । নগাঁও আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন বিভিন্নজনৰ (Drugs again seedlings in Nagaon)। আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধেও সৰৱ দল সংগঠনৰ । নগাঁৱত ব্যৰ্থ মুখ্যমন্ত্ৰীৰ ড্ৰাগছ বিৰোধী পদক্ষেপ । অভিযোগ সচেতন মহলৰ ৷

অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী !
অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী !

নগাঁও, 2 ছেপ্টেম্বৰ : গাদী দখল কৰিয়েই বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজিও আপোচহীন ড্ৰাগছৰ বিৰুদ্ধে । কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ পদক্ষেপো যেন ব্যৰ্থ হোৱাৰ দিশে নগাঁৱত । কাৰণ নগাঁৱত দিনক দিনে যেন বৃদ্ধি পায়েই আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় (Drugs again seedlings in Nagaon) । এই অভিযোগ এতিয়া নগাঁৱৰ প্ৰায় প্ৰতিজন সচেতন নাগৰিকৰ লগতে দল সংগঠনৰ ।

অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী !

শুকুৰবাৰে পুনৰ পথৰ দাঁতিত আন এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই ড্ৰাগছৰ বিৰুদ্ধে যেন অধিক সৰৱ হৈ পৰিছে নগাঁৱৰ সচেতন নাগৰিক (Nagaon police allegedly failed to control crime) । মাত্ৰ চাৰি পাঁচদিন পূৰ্বে নগাঁৱৰ কবৰস্থানৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ নগাঁৱতে অব্যাহত আছে চাঞ্চল্য । যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই উত্থাপন হৈছিল ড্ৰাগছৰ প্ৰসংগ ।

উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল নগাঁও সদৰ আৰক্ষী থানাত (Nagaon police station agitated over murder) ।

লগতে পঢ়ক : হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা

নগাঁও চহৰৰ মাজমজিয়াত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হোৱা চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ নগাঁও চহৰৰ সমীপৰ গৰৈমাৰীত উদ্ধাৰ হয় নগাঁৱৰ ইছলাম পট্টিৰ বাহাৰুল ইছলাম নামৰ যুৱকজনৰ মৃতদেহ । স্থানীয় লোকৰ লগতে যুৱকজনৰ আত্মীয়ৰো সন্দেহ ড্ৰাগছৰ সেৱনৰ ফলতেই দুৰ্ঘটনাত পতিত হয় মৃত্যু হয় যুৱকজনৰ ।

মাত্ৰ কেইটামান দিনৰ ভিতৰতে দুজনকৈ যুৱকৰ মৃত্যু হোৱাৰ পিছতেই গৰজি উঠা দল সংগঠনৰ অভিযোগ । নগাঁৱৰ অলিয়ে গলিয়ে এতিয়া সুলভ হৈ পৰিছে বিভিন্ন নিচাজাতীয় সামগ্ৰী (Operation against drugs in Nagaon) । কেৱল ড্ৰাগছেই নহয়, নগাঁৱৰ বিশেষকৈ ৰূপহী, ধিং আদি অঞ্চলত ভয়াৱহ ৰূপত গৰু ছিণ্ডিকেটো আৰম্ভ হোৱাৰ অভিযোগ দল সংগঠনৰ । এইক্ষেত্ৰত উৰ্ধতন কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহনৰো দাবী উত্থাপন কৰিছে বিভিন্ন সংগঠনে ।

গৰু ছিণ্ডিকেট অথৱা ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো কাৰণতে আপোচ নকৰাৰ কথা একপ্ৰকাৰ দম্ভালি মৰাৰ সময়তেই নগাঁৱত কিদৰে গৰু ছিণ্ডিকেট আৰু ড্ৰাগছৰ বেহা অব্যাহত আছে সেয়া কিন্তু নগাঁওবাসীৰ বাবে হৈ পৰিছে এক উত্তৰবিহীন প্ৰশ্ন ।

লগতে পঢ়ক : ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰিছে সমগ্ৰ নগাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.