ETV Bharat / state

ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰিছে সমগ্ৰ নগাঁও

author img

By

Published : Aug 27, 2022, 6:30 PM IST

নগাঁৱত প্ৰকৃততে হৈছে কি ? মৃত্যু এতিয়া সহজ নগাঁৱত ! ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰি ধৰিছে সমগ্ৰ নগাঁও চহৰ (Drugs again seedlings in Nagaon) ! ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি ! এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল আৰক্ষী থানা ৷

Drugs again seedlings in Nagaon
ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰিছে সমগ্ৰ নগাঁও

নগাঁও, 27 আগষ্ট : দিনক দিনে যেন অৱনতি ঘটিছে নগাঁৱৰ আইন শৃংখলা (Law and order in Nagaon)। দিনক দিনে নগাঁৱত বৃদ্ধি পাইছে ক’লা ড্ৰাগছৰ বেহা (Drugs again seedlings in Nagaon) । অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ।

ঘটনা শুকুৰবাৰৰ । শুকুৰবাৰে পুৱাই নগাঁৱৰ কবৰস্থানৰ সমীপত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ । মৃত যুৱকজন নগাঁৱৰ মৰিকলঙৰ আৰিয়ান লস্কৰ বুলি জানিব পৰা গৈছে ৷ আৰিয়নৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও সদৰ আৰক্ষী থানাত (Nagaon police station agitated over murder) ।

ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰিছে সমগ্ৰ নগাঁও

আৰিয়ান লস্কৰক তিনি বন্ধুৱে মিলি হত্যা কৰিছিল ৷ এই অভিযোগ তৰিছে যুৱকজনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে । ইয়াৰ বাবে স্থানীয় ৰাইজ তথা যুৱকজনৰ আত্মীয়ই সদৰ আৰক্ষী থানাত উপস্থিত হৈ হত্যাৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে । নগাঁও চহৰৰ মাজমজিয়াত যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ চহৰখনতে অব্যাহত আছে তীব্ৰ চাঞ্চল্য ।

লগতে পঢ়ক : হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা

ইয়াৰ মাজতে ঘটনাত জড়িত তিনিজনকৈ যুৱকক আটক কৰিছে নগাঁও সদৰ আৰক্ষীয়ে । আটকাধীন কেইজন হৈছে নগাঁৱৰ মৰিকলঙৰ ৰৌচন আহমেদ, সহিদুল ইছলাম আৰু গুড্ডু ৷ এই তিনি যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

আৰিয়ান লস্কৰ নামৰ যুৱকজনক হত্যা কৰা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰাৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য । অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে খোদ আৰক্ষীয়ে । আৰক্ষীয়ে সন্দেহ কৰা মতে যদি সেয়াই হয়, তেন্তে নগাঁৱত ড্ৰাগছৰ ভয়াৱহতাই কি ৰূপ লৈছে সেয়া সহজেই অনুমেয় ।

নগাঁও চহৰৰ মাজমজিয়াতে যদি অত্যাধিক ড্ৰাগছ সেৱন কৰি এজন যুৱকৰ মৃত্যু হোৱাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে, তেন্তে সাধাৰণতেই প্ৰশ্ন উত্থাপন হয়, কোন দিশে গতি কৰিছে নগাঁৱৰ আইন শৃংখলা ? ড্ৰাগছৰ বিৰুদ্ধে কেতিয়া কঠোৰ হ’ব নগাঁও আৰক্ষী ?

লগতে পঢ়ক : Drugs in Nagaon : নগাঁৱত আকৌ ড্ৰাগছৰ ঘাটিয়ে মেলিছে পোখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.