ETV Bharat / state

অসম ছাত্ৰ পৰিষদ(Assam Satra Parisad)ৰ সভাত অংশগ্ৰহণ মন্ত্ৰী Atul Bora ৰ

author img

By

Published : Nov 16, 2021, 5:13 PM IST

অসম ছাত্ৰ পৰিষদ(Assam Satra Parisad)ৰ উদ্যোগত আয়োজিত ছাত্ৰ সমাৰোহ আৰু অধিৱেশনৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা(Atul Bora) ৷ সোমবাৰে নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান ৷

minister-atul-bora-participate-in-a-meeting-organised-by-assam-satra-parisad-in-nagaon-assam
অসম ছাত্ৰ পৰিষদৰ সভাত অংশগ্ৰহণ মন্ত্ৰী Atul Bora ৰ

নগাঁও, 16 নৱেম্বৰ : পুনৰ শাসনৰ বাঘজৰী চম্ভালিব অসম গণ পৰিষদে ৷ শেহতীয়াকৈ দলটোত যোগদান কৰিছে বহুসংখ্যক লোকে ৷ এয়া দলটোৰ বাবে শুভ লক্ষণ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰিছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ৷ সোমবাৰে নগাঁৱত অনুষ্ঠিত অসম ছাত্ৰ পৰিষদৰ অধিৱেশনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে ৷

উল্লেখ্য যে, বিগত অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে জয় লাভ কৰি শাসনৰ গাদীত অধিষ্ঠিত হোৱাত মিত্ৰজোঁটত থকা অগপ দলৰ বহুকেইজন নেতাই মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷

অসম ছাত্ৰ পৰিষদৰ সভাত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা 60 খন আসনৰ বিপৰীতে অসম গণ পৰিষদে লাভ কৰিছিল 9 খন আসন আৰু ইউপিপিএলে লাভ কৰে 6 খন আসন ৷ তাৰ পৰিপ্ৰেক্ষিতত দলটো পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ সম্ভাৱনাই দেখা দিয়া বুলি মন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ সম্প্ৰতি ৰাজ্যত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভেটি যথেষ্ঠ দুৰ্বল ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি অগপ দলটো এক সুবিধাজনক স্থিতিত থকা বুলিয়ে মন্ত্ৰী বৰাই উল্লেখ কৰে ৷

মন্ত্ৰী বৰাক সাংবাদিকে নতুনকৈ গঠিত হোৱা আঞ্চলিক দল সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে, ৰাজ্যৰ প্ৰথমটো আঞ্চলিক দল অসম গণ পৰিষদৰ নাম বিনষ্ট কৰাৰ চেষ্টা চলাইহে এই দলসমূহ গঠন হোৱা বুলি প্ৰকাশ কৰে ৷ বিশেষকৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক একপ্ৰকাৰ বিশেষ টিপ্পনীৰে কটাক্ষ কৰি মন্ত্ৰী বৰাই কয় যে, ৰাইজৰ বিশ্বাস আৰু আস্থাৰ ফলাফল বিজেপি মিত্ৰজোঁটে বিগত বিধানসভা নিৰ্বাচনতে লাভ কৰিছে ৷ সেয়ে ৰাইজৰ আস্থা অটুট ৰাখি ৰাইজৰ কল্যাণৰ হকে অগপ দলে অনাগত সময়ত কাম কৰি যাব ৷

নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অসম গণ পৰিষদ(AGP)ৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজিত "ছাত্ৰ সমাৰোহ আৰু অধিৱেশন"ৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী তথা অগপ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা(Atul Bora) ই এই কথা প্ৰকাশ কৰে ৷ সোমবাৰে বিয়লি অনুষ্ঠিত অসম ছাত্ৰ পৰিষদ(Assam Satra Parisad)ৰ নগাঁও জিলা সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে অগপৰ ভাতৃ সংগঠনৰ সদস্যসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে ৷

সংগঠনটোৰ ন-পুৰণি সদস্যসকলৰ উৎসাহ-উদ্দীপনা দেখি অভিভূত হৈ কৃষি মন্ত্ৰী অতুল বৰা(Atul Bora)ই ভাষণত কয়- অসম গণ পৰিষদৰ এক সোণালী ইতিহাস আছে ৷ অসম তথা অসমীয়াৰ বহু ত্যাগ আৰু শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত গঠিত হোৱা দলটোৱে সদায় জাতীয় স্বাৰ্থত কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব ৷ জাতিটোৰ বাবে প্ৰাণ উৎসৰ্গা কৰা শ্বহীদসকলৰ ত্যাগক অগপ দলে অথলে যাবলৈ নিদিয়ে বুলিও কৃষি মন্ত্ৰী বৰাই মন্তব্য প্ৰকাশ কৰে ৷

অসম ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ বাবে গঠন হ'বলগীয়া নতুন সমিতিসমূহৰ নৱ নিৰ্বাচিত বিষয়-ববীয়াসকলকো মন্ত্ৰী বৰাই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷ অনাগত দিনত অগপৰ লগতে ছাত্ৰ সংগঠনটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাত সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াবলৈ সকলো সদস্যকে আহ্বান জনায় মন্ত্ৰী অতুল বৰাই ৷

অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপুঞ্জল ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সুনীল ডেকা, অসম গণ পৰিষদৰ তথ্য-প্ৰযুক্তি সম্পাদক মণিমাধৱ মহন্ত, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোঁহাই, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী মামণি বৰা, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা প্ৰমুখ্যে সংগঠনটোৰ কৰ্মীসকল, দলীয় কৰ্মকৰ্তাসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

লগতে চাওক: Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.