ETV Bharat / state

Farm Laws Repeal: কৃষক বিজয় দিৱস পালন নগাঁও জিলা কংগ্ৰেছৰ

author img

By

Published : Nov 21, 2021, 9:58 PM IST

দেশৰ লগতে অসমতো কংগ্ৰেছে পালন কৰিছে 'কৃষক বিজয় দিৱস'(Kisan Vijay Diwas) ৷

Kisan Vijay Diwas celebrate in nagaon
কৃষক বিজয় দিৱস পালন নগাঁও জিলা কংগ্ৰেছৰ

চামগুৰি, 21 নৱেম্বৰ : তিনি বিৰ্তকিত কৃষি আইন বাতিল কৰা পাছতে দেশৰ লগতে অসমতো কংগ্ৰেছে পালন কৰিছে 'কৃষক বিজয় দিৱস'(Kisan Vijay Diwas) ৷ দেওবাৰে নগাঁও জিলাৰ কংগ্ৰেছ(Nagaon district congress committee)ৰ উদ্যোগত 'কৃষক বিজয় দিৱস' পালন কৰাৰ লগতে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃষক আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদ কৃষকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

এই কাৰ্যসূচী অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয়, "বিজেপি নেতৃত্বাধীন চৰকাৰে জন বিৰোধী নীতি গ্ৰহণ কৰি আহিছে । মূল্যবৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে । কংগ্ৰেছ সদায় জনতাৰ পক্ষত মাত মাতি আহিছে আৰু CAAকে ধৰি আন সকলো জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজ দি যাব ।

কৃষকৰ ওচৰত সেও মানি বিজেপি চৰকাৰে কৃষি আইন বাতিল কৰাৰ অৰ্থ হ'ল বিজেপি চৰকাৰৰ পতনৰ কাউণ্ট ডাউন আৰম্ভ হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷ উল্লেখ্য যে, উক্ত কার্যসূচীত বিধায়ক শশীকান্ত দাস, জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰেশ বৰাকে ধৰি ভালে সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Pulwama আক্ৰমণত জড়িত আছিল নেকি ই-কমাৰ্চ পৰ্টেল Amazon ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.