ETV Bharat / state

Nagaon police encounter: 28 জানুৱাৰীত কীৰ্তিকমল এনকাউন্টাৰৰ ৰাজহুৱা শুনানি

author img

By

Published : Jan 27, 2022, 2:12 PM IST

Investigation start on student leader shot
নগাঁৱৰ কীৰ্তিকমল বৰা এনকাউণ্টাৰ

নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক (Student Leader Shot by Police in Nagaon) লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আয়ুক্ত পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে । গ্ৰহণ কৰা হৈছে চিকিৎসাধীন কীৰ্তিকমল বৰাৰ ভাষ্য । শুকুৰবাৰে নগাঁৱত গ্ৰহণ কৰা হ’ব ৰাজহুৱা শুনানি (Public hearing of Kirtikamal Bora encounter) ।

নগাঁও, 27 জানুৱাৰী : সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ তদন্ত আৰম্ভ হৈছে । যোৱা শনিবাৰে নগাঁৱৰ কচলুখোৱাত সংঘটিত হৈছিল বহু বিতর্কিত এই এনকাউণ্টাৰ (Nagaon police encounter)। এই এনকাউণ্টাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আয়ুক্ত পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে ৷ ৰাজ্য চৰকাৰে গুলীচালনা ঘটনাৰ সন্দৰ্ভত তদন্তৰ দায়িত্ব অৰ্পণ কৰা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে GMCH ত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাক সাক্ষাৎ কৰি তেওঁৰ ভাষ্য গ্ৰহণ কৰিছে ৷

লগতে চাওক: Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !

আনহাতে, ২৮ জানুৱাৰীত কচলুখোৱাত এণ্টি নাৰ্কটিক স্কোৱাডে চলোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত শুনানি গ্ৰহণৰ বাবে নগাঁৱত উপস্থিত হ’ব অতিৰিক্ত মুখ্য সচিব গৰাকী ৷ শুকুৰবাৰে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ আৱৰ্ত ভৱনত ঘটনাটোৰ প্ৰসংগত প্ৰত্যক্ষদৰ্শীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব (Public hearing of Kirtikamal Bora encounter) ।

উল্লেখ্য যে, শনিবাৰে নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকী (Student Leader Shot by Police in Nagaon) ৷ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কীৰ্তিকমল বৰা ড্ৰাগছৰ সৈতে জড়িত আৰু আৰক্ষীক আক্ৰমণ কৰাৰ বাবে গুলীচালনা কৰা বুলি মন্তব্য কৰিছিল (Anand Mishra's reaction of Kirtikamal Bora) ৷

Investigation start on student leader shot in Nagaon
ছাত্ৰ নেতা কীৰ্তিকমল বৰা

লগতে চাওক: গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

ইয়াৰ পিছতে কীৰ্তি কমল বৰা নিৰ্দোষী আৰু শনিবাৰৰ এনকাউণ্টাৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰি নগাঁৱৰ ছাত্ৰ সমাজ আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছিল নগাঁও চহৰ (Protest against Nagaon Police)৷ আনকি মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা বৰাক নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডৰ ABSI প্ৰদীপ বণিয়াই সুৰামত্ত হৈ গুলীচালনা কৰাৰো গুৰুত্বৰ অভিযোগ উঠিছিল ।

Investigation start on student leader shot in Nagaon
নগাঁৱৰ কীৰ্তিকমল বৰা এনকাউণ্টাৰ

এনে অৱস্থাত চৰকাৰে অতিৰিক্ত মুখ্য সচিবক লৈ ঘটনাৰ সন্দৰ্ভত গঠন কৰি দিয়া তদন্ত কমিটিৰ সঠিক তদন্তলৈ আশাৰে বাট চাইছে উৎকণ্ঠিত ৰাইজে ৷ ইয়াৰ মাজতে বহুতে দাবী কৰিছে ন্যায়িক তদন্তৰ । উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে ঘটনাৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে ।

লগতে চাওক: Nagaon Police Encounter : আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.