ETV Bharat / state

হাতে হাতে কেটেপা লৈ বন্যহস্তী খেদাত ব্যস্ত বেবেজিয়াবাসী

author img

By

Published : Jul 28, 2021, 5:31 PM IST

human-elephant-conflict-in-samguri-nagaon-etv-bharat-news
হাতে হাতে কেটেপা লৈ বন্যহস্তী খেদাত ব্যস্ত বেবেজিয়াৰ ৰাইজ

চামগুৰিৰ বিভিন্ন অঞ্চলত দিনে-নিশাই অব্যাহত আছে বন্যহস্তীৰ (Wild Elephant) উপদ্ৰৱ ৷ শীঘ্ৰে বনৰীয়া হাতীৰ জাকটো খেদি পঠোৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে ৷ হাতীকেইটাই অঞ্চলটোৰ বহুলোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাই নহয়, খাই তহিলং কৰিছে সাঁচি ৰখা ভঁৰালৰ ধান ৷

চামগুৰি, 28 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (human elephant conflict) ৷ নগাঁও জিলাতো দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ উপদ্ৰৱ ৷ হাতে হাতে কেটেপা লৈ বন্যহস্তী খেদাত ব্যস্ত গেন্ধেলি বেবেজিয়াৰ ৰাইজ । নগাঁও জিলাৰ চামগুৰিৰ শিঙিয়াৰ পিছত এইবাৰ গেন্ধেলি বেবেজীয়া গাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে গাঁৱবাসী ৷

হাতে হাতে কেটেপা লৈ বন্যহস্তী খেদাত ব্যস্ত বেবেজিয়াবাসী

দীৰ্ঘদিন ধৰি বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে 4 টাকৈ বনৰীয়া হাতীৰ এটা জাকে ৷ হাতীকেইটাই অঞ্চলটোৰ বহুলোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাই নহয়, খাই তহিলং কৰিছে সাঁচি ৰখা ভঁৰালৰ ধান ৷ তাৰোপৰি হাতীৰ উপদ্ৰৱৰ বাবে খেতি মাটি সকলো চন পৰিছে গাঁৱখনৰ খেতিয়কসকলৰ ।

লগতে চাওকঃ গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

বনাঞ্চল এৰি হাতী কেইটাই খাদ্যৰ সন্ধানত জনাঞ্চলত মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য বন্দী হৈছে কেমেৰাত । দিনৰ ভাগত অঞ্চলটোৰ দলনি অথবা পথাৰত মুক্ত বিচৰণ কৰি 4 টাকৈ বনৰীয়া হাতীয়ে ফুট গধূলিতে প্ৰৱেশ কৰে গেন্ধেলিৰ জনবসতিপূৰ্ণ অঞ্চলত । যাৰ বাবে আতংকগ্ৰস্ত ৰাইজৰ একাংশই হাতে হাতে কেটেপা লৈ হাতী খেদিবলৈ অহা দেখা যায় ৷

মঙলবাৰেও দিনৰ ভাগতে শিঙিয়া অঞ্চলৰ জনৈক গগৈ নামৰ লোকজনৰ বাৰীত অৱস্থান গ্ৰহণ কৰিছে বন্যহস্তীকেইটাই ৷ নিশাৰ ভাগত বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ চলাব বুলি শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ শীঘ্ৰেই উক্ত স্থানৰ পৰা হাতীকেইটা খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷

HUMAN ELEPHANT CONFLICT IN SAMGURI NAGAON
হাতে হাতে কেটেপা লৈ বন্যহস্তী খেদাত ব্যস্ত বেবেজিয়াৰ ৰাইজ

ইয়াৰ পূৰ্বে দেওবাৰে গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ মৰঙীত দেওবাৰে সন্ধিয়া বন্যহস্তীৰ গচকত এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ হাতীটোৱে শ্ৰমিকসকললৈ লক্ষ্য কৰি চোঁচা লোৱাত শ্ৰমিকসকলে পলায়ন কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে ৷

কিন্তু পলায়নৰ চেষ্টা কৰা সময়তে এজন শ্ৰমিক পথৰ মাজত বাগৰি পৰে ৷ শ্ৰমিকসকললৈ লক্ষ্য কৰি খেদি যোৱা হাতীটোৱে শ্ৰমিকজনক আক্ৰমণ কৰে ৷ ফলত হাতীৰ গচকত থিতাতে নিহত হয় শ্ৰমিকজন ৷

লগতে পঢ়ক: গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.