ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

author img

By

Published : Jul 26, 2021, 9:38 PM IST

Updated : Aug 4, 2021, 5:45 PM IST

গোলাঘাট জিলাৰ মৰঙীত হাতী-মানুহৰ সংঘাতৰ এক ভয়াৱহ শিহৰণকাৰী দৃশ্য । কেমেৰাৰ সন্মুখতে বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱালে এজন যুৱকে । এই দৃশ্য গোলাঘাট জিলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙী চাহ বাগিচাৰ ।

elephant attack live video
গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

গোলাঘাট, 26 জুলাই : গোলাঘাট জিলাৰ মৰঙীত দেওবাৰে সন্ধিয়া বন্যহস্তীৰ গচকত এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷ গোলাঘাট জিলাৰ মৰঙী চাহ বাগিচাৰ পৰা ঘৰমুৱা হোৱা শ্ৰমিকসকল মুখামুখি হয় এটা বন্যহস্তীৰ জাকৰ সৈতে । বন্যহস্তী জাকটো দেখি শ্ৰমিকসকলে হুলস্থুল কৰি হাতীৰ জাকটো খেদাৰ চেষ্টা কৰে ৷ কিন্তু শ্ৰমিকসকলৰ হৈ-চৈৰ মাজতেই বন্যহস্তী জাকটো মাজৰে পৰা এটা হাতীয়ে শ্ৰমিকসকলক খেদি যায় ৷

হাতীটোৱে শ্ৰমিকসকললৈ লক্ষ্য কৰি চোঁচা লোৱাত শ্ৰমিকসকলে পলায়ন কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে ৷ কিন্তু পলায়নৰ চেষ্টা কৰা সময়তে এজন শ্ৰমিক পথৰ মাজত বাগৰি পৰে ৷ শ্ৰমিকসকললৈ লক্ষ্য কৰি খেদি যোৱা হাতীটোৱে শ্ৰমিকজনক আক্ৰমণ কৰে ৷

গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

লগতে পঢ়ক : পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

হাতীটোৱে শ্ৰমিকজনক পথৰ ওপৰতে গচকি শুৰেৰে আক্ৰমণ কৰে । স্থানীয় ৰাইজে হাতীটোক খেদি ব্যক্তিজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসালয়তে মৃত্যু হয় শ্ৰমিকজনৰ ।

গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

হাতীৰ আক্ৰমণত নিহত শ্ৰমিকজন পাছকেল মূড়া বুলি জানিব পৰা হৈছে ৷ পাছকেল মূড়াই হাতীৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ দৌৰিছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁ পথৰ ওপৰত পৰি যায় আৰু হাতীৰ গচকত মৃত্যুক আঁকোৱালি লয় । ইফালে হাতীৰ জাকটোৱে বৰ্তমানেও বাগিচাখনতে অৱস্থান কৰি আছে বুলি জানিব পৰা হৈছে ৷ বন্যহস্তীৰ জাকটোৰ বাবে এতিয়া আতংকিত হৈ আছে বাগিচাৰ শ্ৰমিকসকল ।

Last Updated :Aug 4, 2021, 5:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.