ETV Bharat / city

চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

author img

By

Published : Jul 24, 2021, 2:12 PM IST

চামগুৰিৰ পদুমনি, ডিলকাবস্তি, ভৰাগুৰি আদি অঞ্চলত দিনে-নিশাই অব্যাহত আছে বন্যহস্তীৰ (Wild Elephant) উপদ্ৰৱ ৷ শীঘ্ৰে বনৰীয়া হাতীৰ জাকটো খেদি পঠোৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে ৷

Continuous elephant Terrors At Samguri,Nagaon District
চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

চামগুৰি, 24 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বন্যহস্তীৰ (Wild Elephant) সন্ত্ৰাস আজিও অব্যাহত নগাঁও জিলা (Nagaon District)ৰ চামগুৰিত। চামগুৰিৰ পদুমনি, ডিলকাবস্তি, ভৰাগুৰি আদি অঞ্চলত দিনে-নিশাই উপদ্ৰৱ চলাইছে পাঁচজনীয়া এটা বনৰীয়া হাতীৰ জাকে । জাকটোৰ মাজত আছে এটি আঘাতপ্ৰাপ্ত হাতী । দিনৰ ভাগত হাতীকেইটাই অঞ্চলটোত মুক্ত বিচৰণ কৰাৰ সমান্তৰালভাৱে নিশা জনাঞ্চলত প্ৰৱেশ কৰি নানান উপদ্ৰৱ চলাই বুলি সদৰী কৰে স্থানীয় ৰাইজে ।

যাৰ বাবে নিতৌ বিনিদ্ৰ ৰজনী কটাবলীয়া হৈছে অঞ্চলবাসীয়ে । বন বিভাগৰ লোকেও বিগত চাৰি-পাঁচ দিন ধৰি দোভাগ নিশা পৰ্যন্ত হাতীকেইটা পাহাৰলৈ খেদি পঠিওৱাৰ চেষ্টা কৰিছে যদিও সক্ষম হোৱা নাই । নিশা হোৱাৰ লগে লগে বন্দুক তথা আতচবাজী ফুটাই ভৰাগুৰি, পদুমণি, ডিলকাবস্তিৰ পৰা হাতী কেইটা খেদাৰ চেষ্টা কৰে বন বিভাগৰ প্ৰায় সাতজনীয়া এটা দলে ।

চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

উল্লেখ্য যে, বনৰীয়া হাতীৰ জাকটোত এটা আঘাতপ্ৰাপ্ত হাতী থকাৰ বাবে জাকটো খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগৰ দলটো ৷ ফলত বাকী বনৰীয়া হাতীকেইটাই আঞ্চলটোৰ বিভিন্ন ত্ৰাসৰ সৃষ্টি কৰাৰ উপৰিও ঘৰ-দুৱাৰৰ বিনষ্ট সাধন কৰি খাদ্য সামগ্ৰী তহিলং কৰে ৷ যাৰ বাবে এতিয়া বন্যহস্তীৰ আতংকৰ মাজত দিন অতিবাহিত কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে ।

ইফালে বনৰীয়া হাতী খেদিবলৈ গাঁৱবাসীৰ হাতত নাই উপযুক্ত সামগ্ৰী ৷ গতিকে শীঘ্ৰে উক্ত স্থানৰ পৰা বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে ৷ নহ'লে হাতীৰ জাকটোৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাব বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক- লাভলীনাৰ সফলতা কামনাৰে ৰাইজৰ বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.