ETV Bharat / state

কলিয়াবৰত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ, শংকিত পথচাৰী

author img

By

Published : Aug 30, 2022, 11:23 AM IST

Updated : Aug 30, 2022, 12:07 PM IST

কলিয়াবৰৰ কেলিডেন-ৰেকাপাহাৰ বাগিচা সংযোগী পথৰ কাষত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ (Free roaming of wild elephants in Kaliabor) ৷ বিগত কেইবাদিনো ধৰি প্ৰায় চল্লিছটাকৈ বনৰীয়া হাতীৰ এটা জাকে পোৱালিসহ খাদ্যৰ সন্ধানত অৱস্থান কৰিছে বাগিচাখনৰ সমীপত ৷ হাতীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত হৈছে পথাচাৰী ৷

Wild elephant terror at Kaliabor
Wild elephant terror at Kaliabor

কলিয়াবৰ, 30 আগষ্ট: কলিয়াবৰত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ (Free roaming of wild elephants in Kaliabor) ৷ কলিয়াবৰৰ কেলিডেন-ৰেকাপাহাৰ বাগিচা সংযোগী পথৰ কাষত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণে সকলোকে শংকিত কৰি তুলিছে (Wild elephant terror at Kaliabor) ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত কেইবাদিনো ধৰি প্ৰায় চল্লিছটাকৈ বনৰীয়া হাতীৰ এটা জাকে পোৱালিসহ উত্তৰ ডিজু বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত আহি অৱস্থান কৰিছেহি বাগিচাখনৰ সমীপৰ পথটোত ৷ হাতীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত হৈ পৰিছে সাধাৰণ পথাচাৰীৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলটোৰ ৰাইজে ৷

কলিয়াবৰত দিন দুপৰতে বন্যহস্তীৰ মুক্ত বিচৰণ, শংকিত পথচাৰী

স্থানীয় লোকে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পাছতে বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটোৱে যাতে অঞ্চলটোৰ লোকৰ কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে পহৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷ বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি, হাতীৰ জাকটোত প্ৰায় 12 টা মান পোৱালী থকাৰ বাবে জাকটোক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱাত অসুবিধা হৈছে ৷

উল্লেখ্য যে যোৱাটো মাহত বন্য হাতীয়ে উক্ত অঞ্চলটোত প্ৰাণ লৈছিল দুজনকৈ লোকৰ ৷ তাৰোপৰি অঞ্চলটোত এইবৰ্ষতে হাতীৰ আক্ৰমণত প্ৰাণ গৈছে 4 জন লোকৰ ৷

লগতে পঢ়ক: শ শ কোটি ব্যয়ৰ পাছতো ৰাজ্য়ত জল‌ জীৱনৰ নামত হেতালি

Last Updated :Aug 30, 2022, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.