ETV Bharat / state

শ শ কোটি ব্যয়ৰ পাছতো ৰাজ্য়ত জল‌ জীৱনৰ নামত হেতালি

author img

By

Published : Aug 29, 2022, 6:15 PM IST

দেশৰ আন প্ৰান্তৰৰ‌ দৰে অসমৰ জনসাধাৰণকো বিশুদ্ধ পানী যোগান ধৰাৰ বাবে আৰম্ভ হোৱা জল জীৱন মিছন (Jal Jeevan Mission) নামৰ বৃহৎ প্ৰকল্পও বগা হাতীত পৰিণত হোৱাৰ পথত । পানী যোগানৰ আন্তঃগাথঁনি নিৰ্মাণৰ নামত ২৬,০০০ কোটি টকা ব্যয় কৰিবলৈ সাজু হোৱা এই প্ৰকল্পৰ অগ্ৰগতিলৈ চাই হতাশ হৈছে ৰাজ্যৰ সচেতন নাগৰিক ।

Jal Jeevan Mission in Assam
ৰাজ্য়ত শ শ কোটি ব্যয়ৰ পাছতো জল‌জীৱনৰ নামত হেতালি

গুৱাহাটী,‌‌ ২৯ আগষ্ট: এটুপি বিশুদ্ধ পানী সদায় সপোন হৈয়ে ৰব নেকি অসমবাসীৰ বাবে ! জল জীৱন মিছনৰ(Jal Jeevan Mission in Assam)দৰে কেইবা হাজাৰ কোটি টকীয়া পানী যোগান প্ৰকল্পৰ কামো বাস্তৱায়িত হোৱাৰ পৰত কাৰ্যতঃ মুখ থেকেচা খোৱাৰ পৰিস্থিতিয়ে ৰাজ্যৰ সচেতন নাগৰিকৰ‌ মনত সৃষ্টি কৰিছে এই শংকাৰ।

উল্লেখ্য যে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ(Department of Public Health of Assam)অধীনত যোৱা তিনি বছৰ ধৰি ৰূপায়িত হৈ থকা জল জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ ক্ষেত্ৰত দেখা দিয়া নেতিবাচক পৰিস্থিতিয়ে নতুন দিল্লীকো চিন্তাত পেলাইছে বুলি এক শীৰ্ষ সূত্ৰই সদৰি কৰিছে । এই সূত্ৰটোৰ মতে, ২০২৪ চনত সম্পূৰ্ণ হ'বলগীয়া উক্ত প্ৰকল্পৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় আছিল ২০২১ আৰু ২০২২ চনৰ বৰ্ষ দুটা । কিন্তু একেটা সূত্ৰটোৰ মতে, এই সময়ছোৱাত জল জীৱন মিছনে আশা কৰা ভাবে তাৰ আঁচনি সমুহৰ কাম আগবঢ়াব নোৱাৰিলে (Failure of Jal Jeevan Mission in Assam)।

উত্থাপিত অভিযোগ মতে, এই দুবছৰত তদানীন্তন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Minister Ranjit Kumar Das), মিছনৰ দায়িত্বত থকা একাংশ আমোলা বিষয়া আৰু আন মন্ত্ৰী বিধায়কসকলে আৱন্টন আৰু উচ্চ হাৰৰ কমিছন সংগ্ৰহত ব্যস্ত থাকি বহু মূল্যৱান সময়‌ নষ্ট কৰিলে । তেনে পৰিস্থিতিৰ বৰ্তমানতে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে বান পৰিস্থিতিৰ সৃষ্টি হোৱাত প্ৰকল্পৰ কাম অধিক পিছ পৰি যায় ।

তদানীন্তন বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পৰা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ দায়িত্ব কৰ্তন কৰাৰ পিছতো কিন্তু মিছনৰ ভিতৰত চ'ৰাৰ পৰিস্থিতি একেই আছে । তথ্য অনুসৰি, এই প্ৰকল্পৰ কাম কাগজে-পত্ৰে তিনিটা বছৰ চলি থকাৰ পিছতো কেইবাখনো জিলাত মিছনৰ কামৰ অগ্ৰগতিৰ পৰিমাণ শূন্য শতাংশ । বিশেষকৈ বৰাক উপত্যকাৰ তিনিখন জিলা, কাৰ্বি আংলং, ডিমা হাছাও, উত্তৰ শালমাৰা, মাজুলী, পশ্চিম কাৰ্বি আংলং, ধেমাজি আদি প্ৰায় বিশখন জিলাত জল জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ হাৰ অতি দুৰ্ভাগ্যজনক (very Low progress of Jal Jeevan in Assam)।

বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত মিছনৰ সামগ্ৰিক অগ্ৰগতিৰ হাৰ মাজুলীৰ ক্ষেত্ৰত শূন্য শতাংশ, মানকাচৰত শূন্য শতাংশ, হাইলাকান্দিত এক শতাংশ, ধেমাজিত এক শতাংশ, শিৱসাগৰত দুই শতাংশ, পশ্চিম কাৰ্বি আংলং ছয় শতাংশ, কাৰ্বি আংলং আঠ শতাংশ আৰু বৰপেটাত মাত্ৰ তিনি শতাংশ ।

তদুপৰি চলিত মাহৰ ৩১ আগষ্টৰ ভিতৰত আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল সেই লক্ষ্যতো মিছন কৰ্তৃপক্ষ সফল হ'ব নোৱাৰিলে । তথ্য অনুসৰি আগষ্টত বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, মানকাচৰ, মৰিগাঁও, কৰিমগঞ্জ আৰু ওদালগুৰি আনকি কামৰূপ মহানগৰ জিলাকে ধৰি বাৰখন জিলাত মিছনৰ কামৰ অগ্ৰগতিৰ হাৰ শূন্য ।

মনকৰিবলগীয়া যে, ৰণজিৎ কুমাৰ দাসৰ ঠাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভাগীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত পৰিস্থিতিৰ উন্নতি হ'ব বুলি আশা কৰা হৈছিল যদিও অৱনতিহে হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি শেহতীয়াকৈ মিছনৰ ঠিকাৰ আৱন্টনক লৈ বিভাগৰ ভিতৰ চ’ৰাত সৃষ্টি হোৱা কমিচনৰ অংকই মিছনৰ মূল কামক পিছ পেলাইছে । আনকি এই ক্ষেত্ৰত মিছনৰ বৰ্তমানৰ মিছন সঞ্চালকগৰাকীয়ে বিভাগীয় আনুষ্ঠানিক পত্ৰেৰে বিভাগৰ সচিব আৰু অতিৰিক্ত সচিবকো ওলোটাই নিৰ্দেশ দিয়াৰ ঘটনা সংঘটিত হৈছে । ফলত মিছন আৰু জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:পানীৰ অভাৱত কৃষকে পথাৰত ৰুব পৰা নাই ভূঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.