ETV Bharat / state

Nagaon court adjudge : ড্ৰাগছ ব্যৱসায়ী হাবিলক 20 বছৰ কাৰাদণ্ডৰ ৰায় নগাঁও আদালতৰ

author img

By

Published : Dec 17, 2022, 9:54 PM IST

Operation against drugs
ড্ৰাগছ ব্যৱসায়ী হাবিলক 20 বছৰ কাৰাদণ্ডৰ ৰায় নগাঁও আদালতৰ

ড্ৰাগছ সৰবৰাহকাৰীক 20 বছৰৰ কাৰাদণ্ডৰ ৰায় নগাঁও জিলা 2 নং সত্ৰ ন্যায়াধীশ আদালতৰ (Drug mafia Habul Ali sentenced to 20 years imprisonment by Nagaon court)। আই পি এছ বিষয়া মোহন লাল মিনাৰ নেতৃত্বত গ্ৰেপ্তাৰ হোৱা হাবিল আলীক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা আদালতৰ (Nagaon court adjudge)। 2 কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল হাবিল আলী ।

ড্ৰাগছ ব্যৱসায়ী হাবিলক 20 বছৰ কাৰাদণ্ডৰ ৰায় নগাঁও আদালতৰ

নগাঁও, 17 ডিচেম্বৰ : শেহতীয়াকৈ নগাঁৱত ড্ৰাগছৰ অবাধ প্ৰচলন বৃদ্ধি পোৱাৰ সময়ত শনিবাৰে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে এটা গোচৰত শাস্তি ঘোষণা কৰে নগাঁও জিলা 2 নং সত্ৰ ন্যায়াধীশে (Nagaon court adjudge) । 2020 চনৰ 6 ডিচেম্বৰত নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা আৰু সেই সময়ৰ জাজৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বৃহৎ সফলতা ।

আই পি এছ বিষয়া মোহন লাল মীনাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি হাবিল আলী নামৰ এটা কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাসগৃহত চলাইছিল অভিযান (Operation against drugs) । অভিযানত আৰক্ষীৰ দলটোৱে হাবিল আলীৰ বাসগৃহৰ পৰা দুই কোটিৰো অধিক টকাৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল ।

লগতে ড্ৰাগছৰ বেহা চলোৱা হাবিল আলীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীৰ দলটোৱে ।

লগতে পঢ়ক : Anti Corruption Mission: উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ-কোষাগাৰৰ কনিষ্ঠ সহকাৰী গাণনিক বিষয়া

সেই সময়ৰ নগাঁও আৰক্ষীয়ে হাবিল আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পৰ্যপ্ত তথ্য দাখিল কৰিছিল নগাঁও আদালতত । পৰৱৰ্তী সময়ত নগাঁও জিলাৰ 2 নং সত্ৰ ন্যায়াধীশ আদালতে আটাইকেইজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ অন্তত special NDPS 17/21 গোচৰত শনিবাৰে দোষী সাব্যস্ত কৰে হাবিল আলীক ।

ড্ৰাগছৰ ব্যৱসায়ত দোষী সাব্যস্ত হোৱা হাবিল আলীৰ বিৰুদ্ধে শনিবাৰে শাস্তিও ঘোষণা কৰে নগাঁও আদালতে । সেই অনুসৰি হাবিল আলীক 20 বছৰৰ কাৰাদণ্ডৰ ৰায়দান কৰে নগাঁও জিলা 2 নং সত্ৰ ন্যায়াধীশ আদালতে (Drug mafia Habul Ali sentenced to 20 years imprisonment by Nagaon court)। লগতে তিনি লাখ টকাৰ জৰিমনাও বিহে আদালতে । জৰিমনা আদায় কৰিব নোৱাৰিলে অতিৰিক্ত 18 মাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে ।

লগতে পঢ়ক : Man arrested with pistol in Golaghat : ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰত পিষ্টলসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.