ETV Bharat / state

Man arrested with pistol in Golaghat : ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰত পিষ্টলসহ আটক এজন

author img

By

Published : Dec 17, 2022, 9:13 PM IST

Barpathar Police arrested man with arms in Golaghat
বৰপথাৰত পিষ্টলসহ আটক এজন

ধনশিৰি মহকুমাৰ বৰপথাৰত শুকুৰবাৰে পিষ্টলসহ আটক হৈছে এজন যুৱক (Barpathar Police arrested man with arms) ৷ আটকাধীন যুৱকজনৰ নাম জিতেন বাকটি বুলি জানিব পৰা গৈছে ৷

বৰপথাৰত পিষ্টলসহ আটক এজন
  • গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত পিষ্টলসহ আটক এজন (Barpathar Police arrested man with arms)
  • ধৃত যুৱকজনৰ নাম জিতেন বাকটি বুলি জনালে আৰক্ষীয়ে
  • শুকুৰবাৰে বৰপথাৰৰ গেলাবিল অঞ্চলত ধৃত জিতেনে সেনাবাহিনী পোছাক পৰিধান কৰি ঘূৰি ফুৰিছিল
  • তেতিয়াই সন্দেহবশতঃ আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰে জিতেনক
  • অভিযুক্ত জিতেনৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাজাই সজীৱ গুলী
  • ধৃত জিতেনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে গেলাবিল দীঘলগাঞ্জাৰ এখন হাবিৰ পৰা উদ্ধাৰ কৰে এটা পিষ্টল (Man arrested with pistol in Golaghat)
  • উল্লেখ্য যে, যুৱকজন আদিবাসী উগ্ৰপন্থী সংগঠন আপলাত আছিল যদিও বৰ্তমান সংগঠনটোৰ লগত জড়িত নহয় বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে
  • আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে
  • জিতেন বাকটিৰ লগত আৰু কোনো লোক জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.