ETV Bharat / state

Ripun Bora: বাতৰিকাকত-টেলিভিছন চালেই কেৱল বিজেপিৰ বিসম্বাদ দেখা পায় ৰিপুন বৰাই

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:20 PM IST

নগাঁৱত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি বিজেপি চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰিপুন বৰাৰ ৷ প্ৰধানমন্ত্ৰী মোদীক হিটলাৰৰ দ্বিতীয় সংস্কৰণ আখ্যা ৰিপুন বৰাৰ ৷
Ripun Bora
Ripun Bora

বিজেপিক কটাক্ষ ৰিপুন বৰাৰ

নগাঁও, 25 আগষ্ট: লোকসভা নিৰ্বাচনলৈ প্ৰায় সাত মাহ বাকী আছে যদিও ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । অসমত প্ৰথমবাৰৰ বাবে তৎপৰতা আৰম্ভ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ।

শুকুৰবাৰে নগাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই ৷ সংবাদ মাধ্যমৰ সন্মুখত ৰিপুন বৰাৰ মন্তব্য, ‘‘এতিয়া বাতৰি কাকত আৰু টেলিভিছন চালেই কেৱল হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু ভৱেশ কলিতাৰ বিৰুদ্ধে বিসম্বাদ দেখা পোৱা যায় ।’’

এটকাও নিদিয়াকৈ চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতে দ্বীবন ডেকাৰ দৰে ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ পাছতেই চাকৰিৰ নামত লাখ টকা লোৱাৰ তথ্য পোহৰলৈ অহা বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই । শেহতীয়াকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক সলনি কৰি পুনৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ কথা ওলাই চর্চা হোৱা বুলিও উল্লেখ কৰে ৰিপুন বৰাই ।

বিজেপি দলত চলি থকা বিসম্বাদৰ বাবেই এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও বিজেপিক কটাক্ষ কৰে ৰিপুন বৰাই । ৰাইজৰ সেৱা কৰা বিজেপিৰ উদ্দেশ্য নহয় বুলিও উল্লেখ কৰি ৰিপুন বৰাৰ মন্তব্য । ক্ষমতা লৈ লুটি-পুতি পাহাৰৰ সমান সম্পত্তি কৰাটোৱেই বিজেপিৰ মূল লক্ষ্য ।

বিজেপিক কথা চহকী দল আখ্যা দি ৰিপুন বৰাৰ মন্তব্য, ‘‘গাঁৱৰ বাট-পথসমূহ বিনষ্ট হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল উৰণ সেঁতু নিৰ্মাণ কৰি আছে । কেৱল উৰণ সেঁতু নিৰ্মান কৰিলে ভোক নিয়ন্ত্ৰণ নহয় , নিবনুৱা সমস্যা সমাধান নকৰে আৰু মূল্যবৃদ্ধিও হ্ৰাস নকৰে ।’’

গাঁও অঞ্চলত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলিও কটাক্ষ কৰি ৰিপুন বৰাৰ আন এক বিস্ফোৰক মন্তব্য ৷ চহৰত উৰণ সেঁতু নিৰ্মাণ কৰিলে কমিচন পায় বাবে চহৰসমূহত কিছু উন্নয়ন হৈছে । বিজেপিৰ দেহত হিটলাৰৰ ডি এন এ দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা-বতৰা, চাল-চলন ভালকৈ চালে তেওঁক হিটলাৰৰ দ্বিতীয় সংস্কৰণ বুলি ক’ব । হিটলাৰৰে মিছা কথা ডাঙৰকৈ কৈ সঁচা বুলি প্ৰমাণ কৰিছিল । ঠিক সেইদৰে বৰ্তমান নৰেন্দ্ৰ মোদীয়েও মিছা কথা বোৰ ডাঙৰকৈ কৈ সঁচা প্ৰমাণ কৰি গৈ আছে ৷

বৰাই লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী বুলি কোৱা অসম বৰ্তমান ধাৰত পুত খাই আছে । মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতৰ ৫ খন ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব বুলি কোৱা অসমত জনমুৰি আয় সকলোতকৈ কম । এতিয়া আৰু বিজেপিৰ কোনো মেজিকে কাম নকৰিব বুলিও মন্তব্য কৰে প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

শুকুৰবাৰে নগাঁৱত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ সভাত কেইবাগৰাকী নেতা, কৰ্মী, সমৰ্থকে যোগদান কৰে। অনুষ্ঠানত তৃণমূল কংগ্ৰেছৰ নেতা ইক্রমূল হুদাও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: National AYUSH Mission: গুৱাহাটীত আয়ুষ মন্ত্ৰালয়ৰ উত্তৰ-পূব খণ্ডৰ পৰ্যালোচনা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.