ETV Bharat / state

Felicitation programme in Kaliabor: কলিয়াবৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

author img

By

Published : Jul 8, 2023, 8:48 PM IST

কলিয়াবৰত সদৌ অসম ছাত্ৰসন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্য়োগত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটি । উক্ত অনুষ্ঠানত উপস্থিত থাকি আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

AASU felicitation ceremony in Kaliabor
কলিয়াবৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

কলিয়াবৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

কলিয়াবৰ,৮ জুলাই: শনিবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্য়োগত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বিশেষ অভিনন্দন অনুষ্ঠান । উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা তথা APSC/UPSC ত কৃতিত্ব লাভ কৰা শিক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰসন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা । উক্ত অনুষ্ঠানত উপস্থিত থাকি আছুৰ সভাপতিগৰাকীয়ে সুখী হোৱা বুলি ব্যক্ত কৰে । লগতে তেওঁ কয় যে, কলিয়াবৰত ২০০৫ চনৰ পৰা আছুৰ বুক বেংকৰ জৰিয়তে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠ‍্যপুথি যোগান ধৰি যি এক মহৎকাৰ্য কৰি আহিছে সেয়া অতুলনীয় । লগতে, 'শিক্ষা জীৱনৰ বাবে, জীৱন জাতিৰ বাবে' সেই চিন্তাৰে অভিনন্দিত ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যাবলৈ আহ্বান জনাই উৎপল শৰ্মা ।

ইয়াৰ উপৰিও দেশৰ নতুন শিক্ষানীতি সন্দৰ্ভত আছুৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে, দেশত নতুন শিক্ষা নীতিৰ বহু দিনৰ পৰাই প্ৰয়োজন আছিল । গতিকে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অৱধাৰিত আছিল । কিন্তু অসমৰ শিক্ষক, বিদ‍্যালয় গৃহ, অনান‍্য সা-সুবিধাৰ অভাৱৰ ফলত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সু-প্ৰভাৱৰ পৰা অসমৰ শিক্ষা জগত বঞ্চিত হ'ব ।

সদৌ অসম ছাত্ৰ সন্থাই মহাবিদ‍্যালয়-বিশ্ববিদ‍্যালয়ত ষান্মাষিক ব‍্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময়তো একেই সন্দেহ প্ৰকাশ কৰিছিল । যিটো এতিয়া সঁচা প্ৰমাণিত হৈছে । কিয়নো ছমাহৰ ভিতৰত পাঠ‍্যক্ৰম সম্পূৰ্ণ কৰি পৰীক্ষা পাতি ফলাফল ঘোষণাত বিলম্ব হোৱাটো এক পৰম্পৰাত পৰিণত হৈছে । যদি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰে, তাৰ আগতে অসমৰ শিক্ষানুষ্ঠানসমূহৰ সামগ্ৰীক অভাৱ-অভিযোগবোৰ দূৰ কৰিব লাগিব ।

শনিবাৰে আয়োজিত অভিনন্দন অনুষ্ঠানত কলিয়াবৰ মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড০ উত্তম কুমাৰ বৰুৱা, বিশিষ্ট চিন্তাবিদ লেখক-সমালোচক ময়ুৰ বৰা, আছুৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল হাজৰিকাকে ধৰি আছুৰ বিষয়-ববীয়া আৰু কলিয়াবৰৰ বিদ‍্যালয়ৰ প্ৰধানসহ কেইবাগৰাকীও বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Road Accident in Assam: বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.