ETV Bharat / state

Road Accident in Assam: বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 8, 2023, 6:17 PM IST

ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰাকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বিশেষ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হোৱা নাই ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 8 জুলাই: ৰাজ্যত সংঘটিত হোৱা পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যান-বাহন আৰক্ষী তথা প্ৰশাসনে ৷ কিন্তু ইমানৰ পাচতো ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱা নাই ৷ ৰাজ্যত সংঘটিত হোৱা বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এক টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 2022 চনৰ জুন মাহৰ তুলনাত 2023 বৰ্ষৰ জুন মাহত ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিগত বৰ্ষৰ জুন মাহত ৰাজ্যখনত 500 টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে এই বৰ্ষৰ জুন মাহত মুঠ 555 টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ লগতে বিগত বৰ্ষৰ জুন মাহত পথ দুৰ্ঘটনাত পতিত গৈ 235 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এই বৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 255 লৈ ৷

  • In June 23, the number of road traffic accidents increased compared to June 22. There were a total of 555 accidents, compared to 500 in June 2022. Additionally, the number of fatalities increased to 255, compared to 235 last year.
    I am deeply concerned .

    — Himanta Biswa Sarma (@himantabiswa) July 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যত শেহতীয়াকৈ ব্যাপক হাৰত অনুষ্ঠিত কৰা হৈছে ‘পথ সুৰক্ষা আৰু সজাগতা সভা’ ৷ নিচাজাতীয় দ্ৰব্য সেৱন কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলোকে যান-বাহন আইন মানি চলাৰ বাবে আহ্বান জনাই আহিছে ৰাজ্যৰ পৰিবহন বিভাগে ৷

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে 2022 চনত প্ৰকাশ কৰা প্ৰতিবেদনতো অসমত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ এক উদ্বেগজনক ছবি প্ৰকাশ পাইছিল ৷ প্ৰতিবেদন অনুসৰি অসমৰ গ্ৰাম্য এলেকাত আটাইতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ অসমত 2021 বৰ্ষত 1283 টা দুর্ঘটনা নগৰীয়া অঞ্চলত সংঘটিত হোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত 1610 টা দুর্ঘটনা সংঘটিত হৈছিল ।

পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ যদি সৰ্বভাৰতীয় পৰ্যায়ত পৰ্যৱেক্ষণ কৰা যায় তেন্তে প্ৰতিবেদন অনুসৰি অসম দেশৰ ভিতৰতে পঞ্চম স্থানত আছে । ছিকিম, বিহাৰ, ছট্টিশগড় আৰু মধ্যপ্ৰদেশৰ পাচতে মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসম পঞ্চম স্থানত থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

সেইমৰ্মে অসমত 2021 চনত মৃত্যুৰ হাৰ আছিল 6.0 শতাংশ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত পথ দুর্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসম শীর্ষস্থানত আছে । তথ্য মতে 2021 বৰ্ষত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মুঠ 9754 টা পথ দুর্ঘটনা সংঘটিত হৈছিল । ইয়াৰে ভিতৰত 7411 টা ঘটনাই হৈছে অসমৰ । একেদৰে বিগত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত পথ দুৰ্ঘটনাৰ ফলত 3851 গৰাকী লোকৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱা লোকসকলৰ মাজৰ 3036 গৰাকী অসমৰ আছিল ।

লগতে পঢ়ক: Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.