ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 23, 2022, 1:00 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Last journey of Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ অন্তিম সাক্ষাতৰ বাবে ৰাজপথত সহস্ৰাধিক গুণমুগ্ধ

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ হাজাৰ হাজাৰ গুণমুগ্ধৰ । বৰপেটা সত্ৰৰ বৰখাল হিচাপে পৰিচিত বাছ আস্থানত নিশা ৰখা হ'ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহ (Last tribute to Satradhikar Basistha Dev Sharma)। য'ত গুণমুগ্ধই জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি ।

Murder in Guwahati: স্কুটাৰৰ চাবিৰে ডিঙি ৰেপি হত্যা পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক

স্কুটাৰৰ চাবিৰে ডিঙি ৰেপি হত্যা এজন পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক ৷ বৰবাৰী প্ৰতীক্ষা হাস্পতালৰ সন্মুখত থকা 77 নামৰ ৰেষ্টুৰেন্টখনত শনিবাৰে নিশা সংঘটিত হৈছে এই হত্যাকাণ্ড ৷ চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি ৷ হত্যাৰ অভিযোগত নিশাই দিছপুৰ আৰক্ষীয়ে আটক কৰে সুভাষ বসুমতাৰী নামৰ এজনক ৷

Good news for Assam govt employees: ৪ শতাংশ বৃদ্ধি চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ

দেৱালী উপলক্ষে ৰাজ্যৰ কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰীৰ (Diwali 2022) । ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই বৃদ্ধি ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব ৷ চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে লাভ কৰিব এই বৰ্দ্ধিত মৰগীয়া বানচ ৷

Naga militants demand money: অসমৰ ব্যৱসায়ীক ধনদাবী নগা উগ্ৰপন্থী সংগঠনৰ

অসমৰ ব্যৱসায়ীক ধন দাবী নগা উগ্ৰপন্থী সংগঠনৰ(Naga militants demand money) ৷ সোণাৰি আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল সোণাৰিৰ সৰু গাড়ী মালিক সন্থাৰ ৷

Fire in Karimganj: ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৰবৰ ফেক্টৰী

নিশা কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire breaks out at rubber factory in Karimganj) । কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিচাৰ ৰবৰ ফেক্টৰীত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডত জাহ যায় প্ৰায় আঢ়ৈ কোটি টকাৰ সা-সামগ্ৰী । জানিব পৰা মতে শনিবাৰে নিশাৰ ভাগত হঠাৎ জুই লগা প্ৰত্যক্ষ কৰে শ্ৰমিক সকলে । লগে লগে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক । অগ্নিনিৰ্বাপক বাহিনীৰ পাথাৰকান্দি, নিলামবজাৰ, কৰিমগঞ্জৰ পৰা মুঠ পাঁচখনকৈ বাহনে আহি জুই নিয়ন্ত্ৰণলৈ আনে যদিও বাগিচাখন এক বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ৰাইজে ।

Wild elephant attack: বকোত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজনৰ

বকোৰ শিংৰা পালাহপাৰাত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক অঘটন । বনৰীয়া হাতীৰ গচকত প্ৰাণ হেৰুৱাই এজনে(One killed in wild elephant attack at Boko) । নিহত লোকজন হৰিচৰণ ৰাভা । ঘৰ শিংৰাৰ পালাহপাৰাত । খৰি কাটিবলৈ যাওঁতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে । হাতীৰ জাকটোত ৪টা হাতী থকাৰ সন্দেহ । ঘটনাক লৈ বিৰাজ কৰিছে চাঞ্চল্য । উল্লেখযোগ্য বনৰীয়া হাতীৰ জাকটোৱে প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰে । ইয়াৰ ফলত অঞ্চলটোত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত(Man-Elephant conflict in Boko) ।

T20 World Cup 2022 : প্ৰথমখন খেলতে নিৰাশ অষ্ট্ৰেলিয়া

টি-২০ বিশ্বকাপৰ প্ৰথমখন চুপাৰ-১২ত অষ্ট্ৰেলিয়া বনাম নিউজিলেণ্ড (T20 World Cup AUS vs NZ)। ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে নিউজিলেণ্ডে । নিউজিলেণ্ডৰ হৈ ডেভন কনৱেৰ ৫৮ টা বলত ৯২ ৰাণৰ সৰ্বাধিক স্ক'ৰ ।

53rd Indian Film Festival: অসমীয়া তথ্যচিত্ৰ হাতী বন্ধু নিৰ্বাচিত

৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ "হাতী বন্ধু"(Kripal Kalita s Friends of Elephant to Indian Film Festival)

Basistha Dev Sharma no more : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ জীৱনপঞ্জী

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপৰায়ণ (Basistha Dev Sharma passes away) ৷ অতীতৰ সেই পুৰণি যাত্ৰাক স্মৰণ কৰি শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ ইটিভি ভাৰতৰ তৰফৰ পৰা একাজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি...

Football Tournament held in Baksa: বিটিআৰত খোলা হ'ব ৫ খনকৈ ফুটবল একাডেমী: প্ৰমোদ বড়ো

এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে বিটিআৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা । উত্তৰ-পূৰ্বাঞ্চলৰ 10খন স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত বহুকেইটা ফুটবল দলক লৈ আয়োজিত হৈছে ফুটবল প্ৰতিযোগিতাখনি (Inter State Premier League Football Tournament)। শনিবাৰে বাক্সা জিলাৰ বাথৌপুৰী ক্ৰীড়া কমপ্লেক্সৰ খেলপথাৰত চতুৰ্থ দিনৰ খেল অনুষ্ঠিত হয়(Football Tournament held in Baksa ) । মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলখন শুভাৰম্ভ কৰে বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.