ETV Bharat / state

53rd Indian Film Festival: অসমীয়া তথ্যচিত্ৰ হাতী বন্ধু নিৰ্বাচিত

author img

By

Published : Oct 23, 2022, 9:34 AM IST

৫৩ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ "হাতী বন্ধু"(Kripal Kalita s Friends of Elephant to Indian Film Festival)

Kripal Kalita s Friends of Elephant to Indian Film Festival
53rd Indian Film Festival: অসমীয়া তথ্যচিত্ৰ হাতী বন্ধু নিৰ্বাচিত

গুৱাহাটী, ২৩ অক্টোবৰ: দেশৰ আটাইতকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু"(Indian International Film Festival) । অহা ২০ নৱেম্বৰৰ পৰা গোৱাত এই মহোৎসৱ অনুষ্ঠিত হ'ব(53rd Indian Film Festival) । ইতিমধ্যে 'হাতী বন্ধু' তথ্য চিত্ৰখন বিশ্বৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ সুখ্যাতি অৰ্জন কৰিছে ।

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-MIFF, কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ-IDSFFK , লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেল-LIFF, ৰাছিয়াৰ কাজান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল আদি উল্লেখযোগ্য । এই তথ্যচিত্ৰখনৰ মূল বিষয় হ'ল হাতী মানুহৰ সংঘাত । এই সংঘাত বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা ।

এই সংঘাতৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণহানি, এটা নিয়মীয়া ঘটনাত পৰিগণিত হৈছে । এনে এক জীয়া সমস্যাৰ পোনপ্ৰথমবাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞাৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাতৰ সমাধান সূত্ৰ উলিয়াই বিশেষভাৱে সফল হোৱা দেখা গৈছে । এই বিষয়ৰ ভেঁটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ "হাতী বন্ধু"।

53rd Indian Film Festival: অসমীয়া তথ্যচিত্ৰ হাতী বন্ধু নিৰ্বাচিত

অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত 'হাতী বন্ধু' ৰ ইংৰাজীত নাম ৰখা হৈছে Friends of Elephant."ব্ৰিজ" চিনেমাখনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতাই 'হাতী বন্ধু'ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে । কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰখনৰ প্ৰযোজনা কৰিছে সবিতা দেৱীয়ে । হাতী বন্ধুৰ ইংৰাজী ধাৰা বিৱৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু অসমীয়াত ধাৰা বিৱৰণী দিছে নয়ন প্ৰসাদে । চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভাৰ ।

মুম্বাইৰ কেনেৰিজ প'ষ্ট ছাউণ্ড ষ্টুডিঅ'ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে । সম্পাদনা কৃপাল কলিতা,ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ কাশ্যপৰ । শব্দ গ্ৰহণ গুণজিৎ শৰ্মাৰ । এনিমেছন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ ।

উল্লেখযোগ্য যে 'হাতী বন্ধু'ৰ পূৰ্বে কৃপাল কলিতাৰ "ব্ৰিজ" চিনেমাখনো এই মহোৎসৱলৈ নিৰ্বাচিত হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: Foundation day of Sivasagar College: ৩১ অক্টোবৰৰ পৰা শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.