ETV Bharat / state

Naga militants demand money: অসমৰ ব্যৱসায়ীক ধনদাবী নগা উগ্ৰপন্থী সংগঠনৰ

author img

By

Published : Oct 23, 2022, 8:36 AM IST

Updated : Oct 23, 2022, 12:08 PM IST

অসমৰ ব্যৱসায়ীক ধন দাবী নগা উগ্ৰপন্থী সংগঠনৰ(Naga militants demand money) ৷ সোণাৰি আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল সোণাৰিৰ সৰু গাড়ী মালিক সন্থাৰ ৷

Naga militants demand money from assamese businessman
Naga militants demand money: সোণাৰি আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ

ডিব্ৰুগড়,23 অক্টোবৰ: অসমৰ ব্যৱসায়ীক পুনৰ ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে নগা উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে(Naga militants demand money) । সোণাৰিৰ গাড়ী মালিক সন্থালৈ নগা বিদ্ৰোহী সংগঠনে ধন দাবী কৰা এখন পত্ৰ ইতিমধ্যে ৰাজহুৱা হৈছে ৷ সোণাৰিৰ সৰু গাড়ীৰ মালিক সন্থাক নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড চমুকৈ এন এছ চি এন খাপলাং গোটে কৰিছে ধনদাবী(National Socialist Council of Nagaland) ৷

নাগালেণ্ডৰ মন আৰু টোৱেনচাং জিলালৈ চলাচল কৰা প্ৰতিখন সৰু-বৰ গাড়ীৰ বাবদ ৫ লাখ টকাকৈ ধনদাবী কৰাৰ অভিযোগ NSCN খাপলাং গোটৰ ৷ ধনদাবীত জড়িত NSCN(K)ৰ লেফটেনেণ্ট কৰ্ণেল মানলাই কন্যাক বুলি ধন দাবী পত্ৰত উল্লেখ কৰা হৈছে ৷

Naga militants demand money from assamese businessman
Naga militants demand money: সোণাৰি আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ

এই ঘটনাক কেন্দ্ৰ কৰি সোণাৰিত সৰু গাড়ীৰ মালিক সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰা হৈছে এজাহাৰ ৷

লগতে পঢ়ক: woman suicide along with baby: প্ৰথমে স্বামীৰ আত্মহত্যা, তাৰ পিছতেই সন্তানসহ মহিলাৰ আত্মহত্যা

Last Updated :Oct 23, 2022, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.