ETV Bharat / state

Murder in Guwahati: স্কুটাৰৰ চাবিৰে ডিঙি ৰেপি হত্যা পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক

author img

By

Published : Oct 23, 2022, 12:18 PM IST

Veterinary doctor stabbed to death with scooter key in Guwahati
স্কুটাৰৰ ছাবিৰে ডিঙি ৰেপি হত্যা পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক

স্কুটাৰৰ চাবিৰে ডিঙি ৰেপি হত্যা এজন পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক ৷ বৰবাৰী প্ৰতীক্ষা হাস্পতালৰ সন্মুখত থকা 77 নামৰ ৰেষ্টুৰেন্টখনত শনিবাৰে নিশা সংঘটিত হৈছে এই হত্যাকাণ্ড ৷ চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি ৷ হত্যাৰ অভিযোগত নিশাই দিছপুৰ আৰক্ষীয়ে আটক কৰে সুভাষ বসুমতাৰী নামৰ এজনক ৷

গুৱাহাটী, 23 অক্টোবৰ: মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ চুৰি, নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ তথা হত্যাৰ দৰে ঘটনাই নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ বিগত কেইমাহ ধৰি ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ড সংঘটিত হৈ আহিছে মহানগৰীত ৷ মানৱতা যেন ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে একাংশৰ বাবে ৷

শেহতীয়াকৈ পুনৰ মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড (Murder in Guwahati) ৷ স্কুটাৰৰ ছাবিৰে ডিঙি ৰেপি হত্যা এজন পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক (Veterinarian Docter Murder) ৷ বৰবাৰী প্ৰতীক্ষা হাস্পতালৰ সন্মুখত থকা 77 নামৰ ৰেষ্টুৰেন্টখনত শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে নিশা আনুমানিক 10 বজাত খঞ্জিত মেধি নামৰ পশু চিকিৎসকজন গৈছিল বৰবাৰী প্ৰতীক্ষা হাস্পতালৰ সন্মুখত থকা 77 নামৰ ৰেষ্টুৰেন্ট এখনত ৷ ৰেষ্টুৰেন্টখনৰ মালিক আছিল খঞ্জিত মেধিৰ বন্ধু ৷ সেয়েহে বন্ধুৰ লগত কিছু সময় অতিবাহিত কৰিবলৈ ৰেষ্টুৰেন্টখনলৈ গৈছিল খঞ্জিত মেধি ৷ ৰেষ্টুৰেন্টখনত বহি কথোপকথনত মগ্ন হৈ আছিল ৰেষ্টুৰেন্টখনৰ মালিক আৰু খঞ্জিত মেধি ৷ সেইখিনিলৈকে সকলো ঠিকে আছিল ৷ কিন্তু ইয়াৰ পিছতে হঠাৎ সলনি হৈ পৰে সকলো দৃশ্যপট ৷

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই ৰেষ্টুৰেন্টখনত বহুদিনৰে পৰা কৰ্মৰত হৈ আছিল ঊষা বসুমতাৰী নামৰ এগৰাকী মহিলা ৷ ৰেষ্টুৰেন্টখনৰ কৰ্মচাৰী ঊষা বসুমতাৰীৰ পুত্ৰ সুভাষ বসুমতাৰী ৷ সুভাষ বসুমতাৰীৰ অভিযোগ মাতৃয়ে ৰেষ্টুৰেন্টখনৰ পৰা পাবলগীয়া আছিল 4 হাজাৰ টকা ৷ কিন্তু ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই সেই ধন আদায় দিয়া নাছিল মাতৃ উষা বসুমতাৰীক ৷ সেয়েহে সুভাষ বসুমতাৰীয়ে শনিবাৰে নিশা মাতৃ কৰ্মৰত 77 নামৰ সেই ৰেষ্টুৰেন্টত উপস্থিত হয় ৷

ৰেষ্টুৰেন্টত উপস্থিত হৈয়ে সুভাষ বসুমতাৰীয়ে মাতৃয়ে পোৱা ধন আদায় দিবলৈ কয় ৰেষ্টুৰেন্টখনৰ মালিকক ৷ কিন্তু ধন বিচৰাৰা বাবেই দুয়োৰে মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷ এই সকলোবোৰ হৈ আছিল সেই সময়ত ৰেষ্টুৰেন্টখনত উপস্থিত থকা চিকিৎসক খঞ্জিত মেধিৰ সন্মুখত ৷

এই বাক বিতণ্ডা ক্ৰমাৎ বাঢ়ি অহাত ৰেষ্টুৰেন্টখনত উপস্থিত থকা চিকিৎসক খঞ্জিত মেধিয়ে বাধা প্ৰধান কৰিছিল দুয়োকে ৷ দুয়োপক্ষক কাজিয়া নকৰিবলৈ বাধা দিছিল চিকিৎসকজনে ৷ কিন্তু বাধা প্ৰদান কৰাই যেন কাল হ’ল চিকিৎসকজনৰ বাবে ৷ বাক বিতণ্ডাত বাধা দিয়াৰ বাবেই সুভাষে খঞ্জিতক হাতত থকা স্কুটাৰৰ চাবিৰে ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ ৷ ইয়াৰ পিছতেই লগে লগেই ঢলি পৰে চিকিৎসকগৰাকী (Murder case) ৷

ইতিমধ্যেই আৰক্ষীয় আটক কৰিছে সুভাষক ৷ আৰক্ষীৰ অভিযোগ ড্ৰাগছ আসক্ত আছিল সুভাষ ৷ আনহাতে সমগ্ৰ হত্যাকাণ্ডক লৈ মৃত খঞ্জিতৰ পৰিয়ালৰ বিস্ফোৰক অভিযোগ । সুৰাপান কৰাই খঞ্জিতক ৰেষ্টুৰেন্টখনৰ বন্ধুবৰ্গই পৰিকল্পিতভাৱে হত্যা কৰিছে । খঞ্জিতৰ সৈতে ৰেষ্টুৰেন্টখনৰ মালিকৰ বহু টকাৰ লেনদেন থকা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালবৰ্গই । ইফালে খঞ্জিতক প্ৰথমতে প্ৰতীক্ষা হাস্পতাললৈ নিয়া হৈছিল যদিও পিছত ছয়মাইলৰ GNRC হাস্পতাললৈ অনা হয় । GNRC ত মৃত ঘোষণা কৰে চিকিৎসকে । আনফালে দিছপুৰ আৰক্ষীয়ে সুভাষক আটক কৰি আৰম্ভ কৰিছে তদন্ত । এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য ৷

লগতে পঢ়ক: Murder in Guwahati : মহানগৰীত ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.