ETV Bharat / state

মৰিগাঁৱৰ বাচনাঘাট, কুমৈ পুখুৰীপাৰত পথদুৰ্ঘটনা

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:15 AM IST

দেওবাৰে নিশা মৰিগাঁৱৰ দুটাকৈ স্থানত পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত চাৰিজনকৈ লোক আহত হৈছে ৷

Terribal Road Accident in Morigaon
নিশা মৰিগাঁৱৰ দুটাকৈ স্থানত পথ দুৰ্ঘটনা সংঘটিত হয়

নিশা মৰিগাঁৱৰ দুটাকৈ স্থানত পথ দুৰ্ঘটনা সংঘটিত হয়

মৰিগাঁও, 27 নৱেম্বৰ : দেওবাৰ নিশা মৰিগাঁৱত দুটাকৈ স্থানত পৃথকে পৃথকে সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ফলত চাৰিজনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰথমটো পথ দুৰ্ঘটনা সংঘটিত হৈছিল মৰিগাঁও-জাগীৰোড পথৰ বাচনাঘাটত ৷ ঘটনা অনুসৰি, মৰিগাঁৱৰ দিশৰ পৰা ঘগুৱা আমকাতাৰ দিশে এখন বাইয়েকেৰে দুজনকৈ যুৱক গৈ আছিল ৷ তেনে সময়তে অচিনাক্ত চাৰিচকীয়া বাহনে খুন্দা মাৰে বাইক আৰোহীক ৷ ফলত দুই বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে ৷

আহত দুই বাইক আৰোহী ঋতু দাস আৰু বকুল দাস বুলি জানিব পৰা গৈছে ৷ ইফালে সংকটজনক অৱস্থাত বকুল দাস নামৰ যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ দুই যুৱকৰ ঘৰ মৰিগাঁৱৰ ঘগুৱা আমকাতাৰ বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ আনহাতে, ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

ইফালে, মৰিগাঁৱৰ কুমৈ পুখুৰীপাৰতো পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনা অনুসৰি, জাগীৰোডৰ পৰা মৰিগাঁৱৰ দিশে এখন চাৰিচকীয়া বাহন গৈ আছিল ৷ তেনে সময়তে বাহনখনৰ পিচফালৰ পৰা খুন্দা মাৰে একে দিশে আহি থকা এখন বাইকে ৷ ফলত দুই বাইক আৰোহী আহত হয় ৷ আহত দুই বাইক আৰোহী মুলি আলী আৰু চাবি আলী বুলি জানিব পৰা গৈছে ৷

আনহাতে, স্থানীয় ৰাইজৰ তৎপৰতাত আহত দুয়োজনকে ততাতয়াকৈ মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু ইয়াৰে এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মৰিগাঁৱৰ জালুগুটিত দুখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ, আহত 20 যাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.