মৰিগাঁৱৰ জালুগুটিত দুখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ, আহত 20 যাত্ৰী

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 11:53 AM IST

thumbnail

মৰিগাঁও, 25 নৱেম্বৰ : শনিবাৰে পুৱাই মৰিগাঁৱৰ জালুগুটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাটোত 20 জনৰো অধিক যাত্ৰী আহত হৈছে ৷ ইফালে আহত কেইবাজন লোকক মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ঘটনা অনুসৰি, AS01GC4778 নম্বৰৰ ট্ৰেভেলাৰখন নগাঁও দিশৰ পৰা মৰিগাঁও অভিমুখে আহি আছিল ৷ আনহাতে AS25BC6244 নম্বৰৰ আনখন ট্ৰেভেলাৰ মৰিগাঁও দিশৰ পৰা নগাঁও দিশে গৈ আছিল ৷ তেনে সময়তে জালুগুটি দুয়োখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷

তথ্য মতে, এই পথ দুৰ্ঘটনাত আহত দুজন ব্যক্তিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক:গঠন হ’ল আছুৰ কেন্দ্ৰীয় সমিতি; আছু জিন্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.