ETV Bharat / state

গঠন হ’ল আছুৰ কেন্দ্ৰীয় সমিতি; আছু জিন্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 1:14 PM IST

দীৰ্ঘদিনীয়া বয়স বিৰ্তকক একাষৰীয়া কৰি শুকুৰবাৰে আছুৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে ঘোষণা কৰে আছুৰ কেন্দ্ৰীয় সমিতি । সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় ক্ৰমে উৎপল কুমাৰ শৰ্মা আৰু শংকৰ জ্যোতি বৰুৱাক ।

aasu new central committee formed in 18 th majuli annual conference
আছু জিন্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও

আছু জিন্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও

মৰিগাঁও, 24 নৱেম্বৰ: অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই গঠন হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ 2023-27 বৰ্ষৰ সমিতিখন ৷ সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনস্থলীত পুৱালৈ অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভাত বহু বাক বিতণ্ডা আৰু ক্ৰিয়া প্ৰতিক্ৰিয়াৰ অন্তত গঠন হয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিখন । 2023-27 বৰ্ষৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ কৰে ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই । সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে পূৰ্বৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

একেদৰে মুখ্য সাংগঠনিক সম্পাদক হিচাপে নয়নজ্যোতি দাস, শিক্ষা সম্পাদকৰ পদত টুটুমণি কলিতা, বিত্তীয় সম্পাদক পদত গৌৰী শংকৰ শইকীয়া, প্ৰচাৰ সম্পাদক পদত ৰূপম দাস, সাংস্কৃতিক সম্পাদক পদত বিতোপন শৰ্মা, তথ্য সম্পাদক হিৰণ্য ৰায়, সাহিত্য সম্পাদক ৰূপে নীহাৰিকা শইকীয়া, ক্ৰীড়া সম্পাদকৰ পদত সীমান্ত নেওগ আৰু কাৰ্যালয় সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ভৱজ্যোতি ডেকাক ।

ইয়াৰ পিচতে মৰিগাঁৱৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে জয় আই অসম, আছু জিন্দাবাদ ধ্বনিৰে । সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও অষ্টাদশ অধিৱেশনৰ শুকুৰবাৰে সামৰণি পৰাৰ লগে লগে নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু বিষয়ববীয়াক লৈ ঢোলে-ডগৰে সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশৰ। নৱনিৰ্বাচিত বিষয়ববীয়াসকলে শ্বহীদ ভৱনলৈ সমদল উলিয়াই শ্বহীদৰ প্ৰতিকৃতিৰ ওচৰত আঁঠু লয় । সমান্তৰালভাৱে মৰিগাঁওবাসীয়ে ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনখন অনুষ্ঠিত কৰা তথা সাফল্যমণ্ডিত কৰাত গ্ৰহণ কৰাৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক শলাগ লয় নৱ নিৰ্বাচিত সভাপতি উৎপল কুমাৰ শৰ্মাই ।

লগতে পঢ়ক: পুনৰ উৎপল-শংকৰৰ হাততেই সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়াৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.