পুনৰ উৎপল-শংকৰৰ হাততেই সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিয়াৰ দায়িত্ব

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 11:44 AM IST

thumbnail

মৰিগাঁও, 24 নৱেম্বৰ: উৎকণ্ঠাৰ অন্ত পেলাই গঠিত হ’ল আছুৰ নতুন কেন্দ্ৰীয় সমিতি ৷ মৰিগাঁৱত চলি থকা সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনত শুকুৰবাৰে বিষয়া বাছনি সভাৰ অন্তত পৰবৰ্তী কাৰ্যকালৰ বাবে সভাপতি হিচাপে উৎপল কুমাৰ শৰ্মাক দায়িত্ব দিয়াৰ লগতে পুনৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয় শংকৰজ্যোতি বৰুৱা ৷ শুকুৰবাৰে পুৱাই ঘোষণা কৰা হয় নৱ গঠিত কেন্দ্ৰীয় সমিতিখন ৷ 

আছুৰ ২০২৩-২৭ৰ নতুন কেন্দ্ৰীয় সমিতি-  

সভাপতি-  উৎপল শর্মা, সাধাৰণ সম্পাদক- শংকৰজ্যোতি বৰুৱা, মুখ্য সাংগঠনিক সম্পাদক- নয়নজ্যোতি দাস, কেন্দ্রীয় শিক্ষা সম্পাদক- টুটুমণি কলিতা, কেন্দ্রীয় বিত্ত সম্পাদক- গৌৰীশংকৰ শইকীয়া, প্ৰচাৰ সম্পাদক- ৰূপম দাস, সাংস্কৃতিক সম্পাদক-বিতোপন শর্মা, তথ্য সম্পাদক-হিৰণ্য কুমাৰ ৰায়, সাহিত্য সম্পাদক- নীহাৰিকা শইকীয়া, ক্রীড়া সম্পাদক-সীমান্ত নেওগ, কার্যালয় সম্পাদক-ভৱজ্যোতি ডেকা ৷ 

আনহাতে কেন্দ্ৰীয় সমিতি গঠনৰ পূৰ্বে সংবাদ মাধ্যমৰ সমুখত প্ৰদান কৰা মন্তব্যত নৱ নিৰ্বাচিত সভাপতি উৎপল কুমাৰ শৰ্মাই কয়, " আছুত এইবাৰ উপদেষ্টা আৰু মুখ্য উপদেষ্টা পদৰ বাবে আছুৰ সংবিধানৰ অনুছেদ ক আৰু ঘ ধাৰা প্ৰযোজ্য নহয় । আছুৰ মজিয়াত বয়সক লৈ কোনো দিনে বিৰ্তকৰ সৃষ্টি হোৱা নাই । এয়া অপশক্তিৰ অপপ্ৰচাৰ। লগতে সংগঠনটোৰ সংবিধানৰ সাত নং অনুচ্ছেদৰ "ক" আৰু "ঘ" ধাৰাত উল্লেখ থকা বয়সৰ উচ্চ সীমা উপদেষ্টা ,মুখ্য উপদেষ্টা পদৰ বাবে প্ৰযোজ্য নহ’ব ।" 

মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, " প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ বিভিন্ন সমস্যা আছে । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধান নোহোৱালৈকে আমি শান্ত নাথাকো ।" শুকুৰবাৰৰ পুৱা অষ্টাদশ অধিবেশনথলীত এই মন্তব্য আগবঢ়ায় আছু নেতৃত্বই । 

লগতে পঢ়ক:  সিদ্ধান্তবোৰ আমাৰ গোপন নহয়: ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.