ETV Bharat / politics

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কিয় উচ্চাৰিত হ'ল আনন্দ মিশ্ৰৰ নাম - Himanta Biswa Sarma on Anand Mishra

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 3:51 PM IST

Himanta Biswa Sarma in Bihar: বিজেপিৰ ভোট কাটিবৰ বাবেহে আনন্দ মিশ্ৰই নিৰ্বাচন খেলিছে । লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱে আনন্দ মিশ্ৰক ছুপাৰী দিছে বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ ভোট কাটিবলৈ । বিজেপি নকৰিব বুলি জানিলে আনন্দ মিশ্ৰক অসম এৰিবলৈ নিদিলেহেঁতেন ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিহাৰত ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

HIMANTA BISWA SARMA ON ANAND MISHRA
আনন্দ মিশ্ৰক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

বিহাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

গুৱাহাটী, ১৯ মে’ : অসম এৰি যোৱাৰ পিচতো বিশেষভাৱে চৰ্চাত আছে এজন প্ৰাক্তন আই পি এছ বিষয়া ৷ অসমৰ ছুপাৰ কপ হিচাপে খ্যাত প্ৰাক্তন আই পি এছ বিষয়াগৰাকী হৈছে আনন্দ মিশ্ৰ ।

আই পি এছৰ চাকৰি ত্যাগ কৰি জন্মভূমি বিহাৰলৈ গৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আনন্দ মিশ্ৰই প্ৰথমতে বিজেপিৰ হৈ টিকট প্ৰত্যাশী আছিল । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ নিৰ্বাচন খেলাৰ ইচ্ছা আছিল আনন্দ মিশ্ৰৰ । কিন্তু সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে মিথিলেশ তিৱাৰীক ।

বিজেপিৰ পৰা টিকট নাপালেও তেওঁ সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে । যাৰ বাবে তেওঁ বিশেষভাৱে চৰ্চাত আছে । আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো উচ্চাৰিত হৈছে আনন্দ মিশ্ৰৰ নাম ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিহাৰত চাৰিখনকৈ বিশাল জনসভা সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে বিহাৰত মাৰাথন প্ৰচাৰ চলায় । মুখ্যমন্ত্ৰীয়ে মুজাফৰপুৰত লোকসভা সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী ৰাজভূষণ নিষাদ, শিৱান আৰু ৰঘুনাথপুৰত শিৱান লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ জনতা দলৰ (ইউনাইটেড) প্ৰাৰ্থী বিজয় লক্ষ্মী কুচুৱাহা আৰু ব্ৰহ্মপুৰত বক্সাৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মিথিলেছ তিৱাৰীৰ সমৰ্থনত চাৰিখন বিশাল নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।

ব্ৰহ্মপুৰত বক্সাৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মিথিলেছ তিৱাৰীৰ সমৰ্থনত জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত অৱতীৰ্ণ হোৱা আনন্দ মিশ্ৰক সমালোচনাৰে থকা-সৰকা কৰে । মুখ্যমন্ত্ৰীয়ে ভাষণত কয় - ‘‘বিজেপি নকৰিব বুলি জানিলে আনন্দ মিশ্ৰক অসম এৰিবলৈ নিদিলোঁহেঁতেন ৷’’ সমষ্টিটোৰ নিৰ্দলীয় প্ৰার্থী আনন্দ মিশ্ৰক তুলাধুনা দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ বিজেপিৰ ভোট কাটিবৰ বাবেহে আনন্দ মিশ্ৰই নিৰ্বাচন খেলিছে । লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱে আনন্দ মিশ্ৰক ছুপাৰী দিছে মিথিলেশ তিৱাৰীৰ ভোট কাটিবলৈ । আনন্দ মিশ্ৰৰ মোবাইল ফোনটো পৰীক্ষা কৰিলেই সকলো ওলাই পৰিব । দিনটোত কাৰ লগত কেইবাৰ কথা পাতে সকলো স্পষ্ট হৈ পৰিব ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘মোক অসমত মিছা কথা কৈ আনন্দ মিশ্ৰই স্বেচ্ছামূলক অৱসৰ লৈছে । মোৰ ঘৰ, কাৰ্যালয়লৈ গৈ কৈছিল যে বিজেপিক সেৱা কৰিবৰ বাবে তেওঁক ভি আৰ এছ লাগে । মই লগে লগে টিকট লাগিব নেকি বুলি কোৱাত আনন্দ মিশ্ৰই তেতিয়া টিকট নালাগে বুলি কৈছিল । তেওঁ বিজেপিক সেৱা কৰিম বুলি কৈছিল । কিন্তু বিহাৰলৈ আহি তেওঁ বুলেট চলাই ভোট বিচাৰি ফুৰিছে । আগতে জনাহেঁতেন ম‍ই আনন্দ মিশ্ৰক অসম এৰিবলৈ নিদিলোঁহেঁতেন ।’’

ড৹ শৰ্মাই লগতে কয়, ‘‘ভাল মানুহ হ’লে আনন্দ মিশ্ৰই অপেক্ষা কৰিলেহেঁতেন, দলৰ হৈ কাম কৰিলেহেঁতেন । অসমত থকা সময়ত টকা নথকা আনন্দ মিশ্ৰই নিৰ্বাচন খেলিবলৈ ক’ত টকা পাইছে? লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱৰ পৰা কিমান টকা আহিছে পৰীক্ষা কৰিলেই ওলাই পৰিব ।’’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আনন্দ মিশ্ৰৰ নিৰ্বাচনী সভাত জয় শ্ৰীৰাম ধ্বনি শুনিবলৈ পোৱা নাযায় । স্বভাৱগতভাৱে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাতো মন্দিৰৰ প্ৰসংগ উত্থাপন কৰে । লক্ষ্যণীয় বিষয় যে আই পি এছ বিষয়া হিচাপে বিশেষ চৰ্চাত থকা আনন্দ মিশ্ৰই সংসদীয় ৰাজনীতিত খোজ দিও বিশেষ চৰ্চাত আছে ।

লগতে পঢ়ক: নিৰ্বাচন নেখেলিবলৈ আনন্দ মিশ্ৰক ভাবুকি; নিৰ্ভয়ে নিৰ্বাচন খেলাৰ সংকল্প প্ৰাক্তন আই পি এছ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.