ETV Bharat / politics

নিৰ্বাচন নেখেলিবলৈ আনন্দ মিশ্ৰক ভাবুকি; নিৰ্ভয়ে নিৰ্বাচন খেলাৰ সংকল্প প্ৰাক্তন আই পি এছ মিশ্ৰৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 5:20 PM IST

Updated : May 7, 2024, 5:26 PM IST

IPS Anand Mishra: লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন আই পি এছ তথা অসমবাসীৰ অতি চিনাকী আৰক্ষী বিষয়া আনন্দ মিশ্ৰই । কোন সমষ্টিৰ পৰা, কোন দলৰ হৈ নিৰ্বাচন খেলিব মিশ্ৰই ? পঢ়ক সবিশেষ...

IPS Anand Mishra
Former IPS Anand Mishra (ETV Bharat)

নিউজ ডেস্ক, ৭ মে': অসমৰ ৰাইজৰ বাবে এটা চিনাকী নাম আনন্দ মিশ্ৰ । নিজৰ সুকীয়া ধৰণেৰে অপৰাধীৰ বিৰুদ্ধে যুঁজ দি সফলতা অৰ্জন কৰা এইগৰাকী আৰক্ষী বিষয়াই অসমত বৃদ্ধি পোৱা ড্ৰাগছ আৰু চোৰাং কাৰবাৰত জড়িত চক্ৰৰ লগতে চুৰি-ডকাইতিৰ সৈতে জড়িত অপৰাধীৰ চকুৰ টোপনি নোহোৱা কৰিছিল । কিন্তু কেইমাহ মান পূৰ্বে লখিমপুৰ জিলাৰ এছ হৈ থকা আনন্দ মিশ্ৰই আই পি এছৰ দৰে চাকৰিৰ পৰা ইস্তফা দিয়ে । তাৰ পিচতেই তেওঁ অসম এৰি নিজৰ ৰাজ্য বিহাৰলৈ যায়গৈ ।

বহুতেই তেতিয়া অনুমান কৰিছিল যে আনন্দ মিশ্ৰই বিজেপিৰ পৰা নিৰ্বাচন খেলিব । নিৰ্বাচন খেলাৰ সপোন আছিল আনন্দ মিশ্ৰৰ । কিন্তু তেওঁৰ পৰিকল্পনা মতে বিজেপিৰ পৰা টিকট লাভ নকৰিলে । কিন্তু আনন্দ মিশ্ৰই নিৰ্বাচন খেলিব । বিজেপিয়ে বিমুখ কৰিলেও নিৰ্বাচনত অৱতীৰ্ণ হ'ব আনন্দ মিশ্ৰ । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হ'ব আনন্দ মিশ্ৰ ।

২০২৪ চনৰ সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া । প্ৰথম দিনাই দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব । আজি মনোনয়ন দাখিল কৰিবলৈ ওলাইছে নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰ আৰু বিহাৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দাদন পেহলৱানে । ইফালে প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰই মন্তব্য কৰিছে যে তেওঁক হেঁচা দিয়া হৈছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে ভাবুকি দিয়া হৈছে ।

‘নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ভাবুকি পাইছো’: মনোনয়নৰ ঠিক পূৰ্বেই এই বক্তব্য প্ৰদান কৰি আলোড়নৰ সৃষ্টি কৰিছে প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰই । তেওঁক ভাবুকি দি আৰু ধনৰ প্ৰস্তাৱ দি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি প্ৰকাশ কৰে । কিন্তু মিশ্ৰই কয়, "মই ভয় কৰা বিধৰ নহয় আৰু বিক্ৰী হৈ যোৱা মানুহো নহয় ।

"আজি যিকোনো পৰিস্থিতিত মনোনয়ন দাখিল কৰিম । মোক কোনে ভাবুকি দিছে, সময় আহিলে ঠিকনাটো প্ৰকাশ কৰিম ।" আনন্দ মিশ্ৰ, নিৰ্দলীয় প্ৰাৰ্থী, বক্সাৰ ।

আনন্দ মিশ্ৰৰ মোদীৰ যাদুৰ ওপৰত বিশ্বাস: নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ বিশ্বাস মোদীৰ যাদুক লৈ । আনন্দ মিশ্ৰই কয়, "যদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী সফল হয় তেন্তে দেশখনক বিশ্বগুৰু হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত মোদী জীৰ সকলো আঁচনি ৰূপায়ণ কৰি তেওঁৰ হাত মজবুত কৰিম ।"

দাদন পেহলৱানৰ জয়ৰ দাবী: এই লোকসভা সমষ্টিত বিশেষ দখল থকা আনজন নিৰ্দলীয় প্ৰাৰ্থী দাদন পেহলৱান ওৰফে দাদন যাদৱৰ নিজৰ সামাজিক সমীকৰণৰ ওপৰত সম্পূৰ্ণ আস্থা আছে । তেওঁ কয় যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে মোক ভাল পায় । নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী কৰি মোক কেইবাবাৰো বিধানসভালৈ পঠিয়াইছে । এইবাৰো জনসাধাৰণৰ পৰা অপৰিসীম মৰম পাম ।

বিজেপি আৰু আৰজেডিৰ মাজত উত্তেজনা বৃদ্ধি: উল্লেখ্য যে আগতে প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰই বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ জল্পনা-কল্পনা চলিছিল । এই আশাতে আই পি এছৰ চাকৰি এৰি বক্সাৰ পালেগৈ মিশ্ৰ, কিন্তু বিজেপিয়ে তেওঁক টিকট নিদিলে । বিজেপিয়েও অশ্বিনী চৌবেৰ টিকট বাতিল কৰি এইবাৰ মিথিলেশ তিৱাৰীক প্ৰাৰ্থী কৰি তুলিছে । আনহাতে আৰজেডিয়ে সুধাকৰ সিঙক থিয় কৰাইছে । প্ৰাক্তন আই পি এছ আৰু দাদন পেহলৱানে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বিজেপি আৰু আৰজেডিৰ সমস্যা বাঢ়িব পাৰে ।

১৪ মে’লৈ মনোনয়ন: আজিৰ পৰা ১৪ মে’লৈকে সপ্তম পৰ্যায়ৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে । ১১ আৰু ১২ মে’ত চৰকাৰী বন্ধৰ বাবে সেইদিনা মনোনয়নৰ কাম বন্ধ থাকিব । ১ জুনত বক্সাৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: ধৰ্ম সংৰক্ষণৰ আধাৰ হ'ব নোৱাৰে : প্ৰধানমন্ত্ৰী মোদী - PM Modi on reservations

Last Updated : May 7, 2024, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.