ETV Bharat / bharat

ধৰ্ম সংৰক্ষণৰ আধাৰ হ'ব নোৱাৰে : প্ৰধানমন্ত্ৰী মোদী - PM Modi on reservations

author img

By ANI

Published : May 7, 2024, 10:39 AM IST

PM Modi on reservations : ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্ৰদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ধৰ্মৰ ভিত্তিত সংৰক্ষণ আধাৰ হ'ব নোৱাৰে, ই সংবিধান বিৰোধী । প্ৰধানমন্ত্ৰীৰ মতে প্ৰতিটো ধৰ্মৰ দৰিদ্ৰ লোকে প্ৰাপ্য সুবিধা লাভ কৰিব ।

PM Modi on reservations
ধৰ্ম সংৰক্ষণৰ আধাৰ হ'ব নোৱাৰে (ANI)

নেশ্যনেল ডেস্ক, ৭ মে': লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিয়ে ধৰ্মৰ ভিত্তিত কোটাক লৈ মতবিৰোধ কৰাৰ লগে লগে মুছলমানসকলৰ বাবে সংৰক্ষণক লৈ শংকা বাঢ়ি গৈছে । তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ধৰ্মৰ ভিত্তিত সংৰক্ষণ আধাৰ হ'ব নোৱাৰে, ই সংবিধান বিৰোধী ।

এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ দৰিদ্ৰ লোকসকলৰ ভিতৰত হিন্দু, খ্ৰীষ্টান আৰু পাৰ্চীকে ধৰি সকলো ধৰ্মৰ লোক আছে আৰু সকলোৱে সংৰক্ষণৰ সুবিধা লাভ কৰা উচিত । প্ৰধানমন্ত্ৰীয়ে কয়, "মই কেতিয়াও কোৱা নাই যে মুছলমানসকলে সংৰক্ষণ নাপাব । মই কেৱল এয়াই কৈছো যে ধৰ্ম সংৰক্ষণ প্ৰদানৰ আধাৰ হ'ব নোৱাৰে ।’’

‘‘দেশৰ দৰিদ্ৰ লোকসকলৰ ভিতৰত আছে হিন্দু, খ্ৰীষ্টান আৰু পাৰ্চী; সকলোৱে সংৰক্ষণৰ লাভালাভ পাব লাগে । দলিত আৰু জনজাতীয়সকলে দীৰ্ঘদিন ধৰি অন্যায়ৰ সন্মুখীন হৈ আহিছে আৰু আমাৰ সংবিধান নিৰ্মাতাসকলে সঠিক সিদ্ধান্ত লোৱাৰ এক বিশেষ কাৰণ আছে আৰু ইয়াৰ বাবে আমি কৃতজ্ঞ । কোনো ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা নকৰে ।" তেওঁ কয় ৷

মুছলমানসকলক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সংৰক্ষণৰ অনুমতি দিয়াৰ ক্ষেত্ৰত সম্পৰ্কিত বিপদৰ বিষয়ে প্ৰশ্ন কৰাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংবিধান নিৰ্মাতাই ইয়াৰ খচৰা প্ৰস্তুত কৰোতে দীঘলীয়া আলোচনাৰ পিচত সিদ্ধান্ত লয় যে ধৰ্মৰ ওপৰত আধাৰিত সংৰক্ষণ সমাজৰ বাবে ক্ষতিকাৰক হ'ব আৰু দীৰ্ঘম্যাদী সময়ৰ বাবে ভাল নহ'ব ।

প্ৰধানমন্ত্ৰীৰ মতে যেতিয়া সেই সময়ত সংবিধান লিখা হৈছিল, পণ্ডিত জৱাহৰলাল নেহৰু, বাবাচাহেব আম্বেদকাৰ আৰু ৰাজেন্দ্ৰ বাবুৰ দৰে নেতাসকল আছিল । আৰ এছ এছ বা বিজেপিৰ কোনো নাছিল আৰু সকলো সম্প্ৰদায়ৰ প্ৰতিনিধিও আছিল । প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়ে যে যদি তেওঁৰ চৰকাৰ শাসনত থাকে তেন্তে কেন্দ্ৰৰ আঁচনিৰ পৰা মুছলমানসকল সমানে লাভান্বিত হ'ব ।

প্ৰধানমন্ত্ৰীয়ে কয়, "আমি পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব আৰু যিসকল প্ৰাপ্য তেওঁলোকক সংৰক্ষণ দিব লাগিব । মই প্ৰথম দিনৰ পৰাই কৈ আহিছো যে ধৰ্মৰ ভিত্তিত সংৰক্ষণ সংবিধানৰ বিপৰীত ৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মুছলমানসকলে লাভ নাপাব । আমি সংসদত সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ উত্থাপন কৰিছিলো; কোনো আপত্তি নাছিল, কোনেও যুঁজ দিয়া নাছিল ।"

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ সকলো চৰকাৰী আঁচনি সম্পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ য'ত তেওঁৰ 'সামাজিক ন্যায়ৰ গেৰাণ্টি, ধৰ্মনিৰপেক্ষতাৰ গেৰাণ্টি' পূৰণৰ বাবে প্ৰতিটো সম্প্ৰদায় আৰু ধৰ্মক সামৰি লোৱা হ'ব । তেওঁৰ মতে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ সময়তো বিজেপিৰ ইস্তাহাৰত ৰাম মন্দিৰ আৰু অনুচ্ছেদ ৩৭০, ইউচিচি অন্তৰ্ভুক্ত আছিল ।

প্ৰধানমন্ত্ৰীৰ মতে সকলো চৰকাৰী আঁচনি সম্পূৰ্ণ কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । যদি এখন গাঁৱত ৫০ জন লোকক ঘৰৰ প্ৰয়োজন হয়, তেন্তে সকলো লোকে ইয়াক লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে । প্ৰতিটো সম্প্ৰদায় আৰু ধৰ্মক সামৰি লোৱা হ'ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : প্ৰধানমন্ত্ৰী সাব্যস্ত কৰিলে ভোটদান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.